নাজিৰাঃ ভাৰত ত্যাগ আন্দোলনত অগ্ৰণী ভুমিকা গ্ৰহণ কৰা নাজিৰাৰ সুন্দৰ পুখুৰী নিবাসী মুক্তি যুঁজাৰু চন্দ্ৰ কমল দত্তই যোৱা নিশা ১০বাজি ৩০ মিনিটত ইহলীলা সম্বৰণ কৰে। ১৯২৭ চনত জন্ম গ্ৰহণ কৰা চন্দ্ৰ কমল দত্তই ১৯৪২ চনত গণ আন্দোলনত অংশগ্ৰহণ কৰি বিশেষ ভুমিকা পালন কৰিছিল আৰু তেওঁ কেইবাবাৰো বহু বছৰ ধৰি কাৰাবাসো খাটিছিল।
সমাজখনৰ বাবেও বহু ত্যাগ স্বীকাৰ কৰা এইজন বহু পুৰুধা ব্যক্তি ৯৩ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যুক লৈ নাজিৰাবাসীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।