নাজিৰাঃ আজি নাজিৰাৰ পৰা এইবেলি হজ কৰিবলৈ যাবলগীয়া হজযাত্ৰীসকলক বিধায়ক দেৱব্ৰত শইকীয়াই৷ এম.চি ক্লাৱৰ উদ্যোগত নাজিৰাত হজযাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ নাজিৰা এম.চি ক্লাৱৰ উদ্যোগত আৰু নাজিৰ সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ সহযোগত নাজিৰা ক্লাৱ প্ৰাংগনত নাজিৰা বিভিন্ন প্ৰান্তৰ সৰ্বমুঠ ৫২জন হজযাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ সম্বৰ্ধনা অনুষ্ঠানত নাজিৰাৰ মহকুমাৰ আৰক্ষী বিষয়া সুভলক্ষ্মী দত্তৰ লগতে সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱাল উপস্থিত থাকে৷ ইইবাৰ নাজিৰাৰ পৰা হজ কৰিবৰ বাবে নাজিৰাৰ বিভিন্ন প্ৰান্তৰ পৰা সৰ্বমুঠ ৫২জন হজযাত্ৰী প্ৰবিত্ৰ মক্কা শ্বৰিফলৈ যাব৷