নাজিৰাৰ পৰা ৱাকিল আহমেদঃ নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আজি নাজিৰাত বিশ্ব পৰিবেশ দিৱস পালন কৰে। পূৱা চাফাই কাৰ্যসূচীৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰশাসনৰ উদ্যোগত নাজিৰাৰ ঐতিহাসিক বৰবৰুৱা পুখুৰীৰ পাৰত উন্মোচন কৰা হয় এটা চেল্ফি পইণ্ট। মহকুমাধিপতি সব্যসাচী কাশ্যপৰ উদ্যোগত নাজিৰাত ব্যতিক্ৰমী কাৰ্যসূচী। ছাত্ৰ-ছাত্ৰীক অৰ্ধশতাধিক গছপুলি উপহাৰ ৰূপে বিতৰণ কৰা হয়। গছপুলিসমূহ লালন পালনেৰে জীয়াই তুলিলে ২০২৩ বৰ্ষৰ বিশ্ব পাৰিপাৰ্শ্বিক দিৱসত বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰে মহকুমাধিপতিগৰাকীয়ে।