শিৱসাগৰঃ শিৱাসগৰ জিলাত কোভিড-১৯ৰ সংক্ৰমিত লোকৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি হ’ব ধৰিছে। জিলাখনৰ নাজিৰা গড়গাঁও মহাবিদ্যালয়স্থিত স্বাৱ সংগ্ৰহ কেন্দ্ৰত ১৪ জুলাইত সংগ্ৰহ কৰা নমুনাৰ ফলাফলত ১১গৰাকী লোক কোভিদ-১৯ পজিটিভ পোৱা যায়। ইয়াৰে তিনিগৰাকী লোক অসম ৰাইফলছত কৰ্মৰত জোৱান। আটাইকেইজন লোকৰ পজিটিভ পোৱাৰ পিছতে নাজিৰা মহকুমা স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। অঞ্চলসমূহৰ কিছু এলেকা সামৰি কনটেইনমেণ্ট জ’ন ঘোষণা কৰে নাজিৰা মহকুমা প্ৰশাসনে। প্ৰশাসনে ৰাইজক ভয় অথবা শংকা পৰিহাৰ কৰিবৰ বাবে অনুৰোধ জনায়।