নাজিৰাঃ মঙলবাৰে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই কেইবাটাও আঁচনিৰ শুভৰাম্ভ কৰে৷ নাজিৰা সমষ্টিৰ দুলাকাষৰীয়া-ৰমণী গাঁও পঞ্চায়তত চতুৰ্থশ বিত্তীয় আয়োগৰ অধীনত ২০১৮-১৯ বৰ্ষৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰে দেৱব্ৰত শইকীয়াই৷
৫ লাখ টকাৰ ব্যয়ৰে গাঁও পঞ্চায়ত উন্নয়ন যোজনাৰ অধীনত দোকান গৃহ নিৰ্মাণ, ২ লাখ টকাৰ ব্যয়েৰে গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদত চাইকেল ষ্টেণ্ড, ৯ লাখ টকাৰ ব্যয়ৰে বামগাঁৱত পকী নলা নিৰ্মাণ, ২ লাখ টকাৰ ব্যয়ৰে গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ চৌহদত শৌচালয় নিৰ্মাণ, ৰমণী গাঁও পঞ্চায়তত বৰমিছিং গাঁৱৰ ৭নং ৱাৰ্ডত ৫ লাখ টকা ব্যয়ৰে পেভাৰ ব্লক পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন হোৱা আটাইকেইটা আঁচনিৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ হোৱাৰ লগতে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত পিছ হুহুকি নাহো বুলি কয় শইকীয়াই৷