March 26, 2023, 9:42 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নাজিৰাত একাংশ যুৱকৰ লগতে বহু বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

Reporter Name
  • Update Time : Sunday, August 30, 2020
  • 352 Time View

নাজিৰাঃ নাজিৰা সমষ্টিৰ অন্তৰ্গত জয়মতী পঞ্চায়তত দেওবাৰে বহু কেইজন যুৱকে কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ নাজিৰা ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্য্যকৰী সভাপতি মৃদুল বৰগোহাঁইৰ লগতে বহু কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে। উল্লেখযোগ্য যে, ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ময়ূৰ বৰগোহাঁইৰ গৃহ পঞ্চায়ত হিচাপে পৰিচিত এই জয়মতী পঞ্চায়তৰ বহু উদ্যমী যুৱকে কংগ্ৰেছ দলত যোগদান কৰাক লৈ ৰাইজৰ মাজত বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপট সঘনে সলনি হৈ থকাৰ সময়তে বহু সদস্যই বিজেপিত যোগদান কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে বহু সদস্যই কংগ্ৰেছত যোগদান কৰিছে । যিহেতু নাজিৰা সমষ্টিৰ বিজেপিৰ সম্ভাৱনীয় প্ৰাৰ্থী হিচাপে ময়ূৰ বৰগোহাঁইকো প্ৰক্ষেপ কৰাৰ কথা বহুতৰে মুখত চৰ্চা হৈছে । সমাজকৰ্মী হিচাপে ময়ূৰ বৰগোহাঁই পৰিচিত যদিও তেওঁৰ গৃহ অঞ্চলত যি ধাৰাত কংগ্ৰেছৰ উত্থান হৈছে তাক লৈ বিজেপিয়ে কি পদক্ষেপ গ্ৰহণ কৰে লক্ষ্যনীয় হ’ব। ইয়াৰোপৰি শিৱসাগৰ জিলা বিজেপিৰ উপ-সভাপতি প্ৰবিন কোঁৱৰৰ গৃহ অঞ্চল হিচাপে পৰিচিত নাজিৰা সমষ্টিৰ অন্তৰ্গত ৰহদৈ পঞ্চায়তৰ ১০নং ৱাৰ্ডৰ শাসকীয় দলৰ ৱাৰ্ড সদস্যা সহ তেখেতৰ পৰিয়ালে যোগদান কৰে কংগ্ৰেছত। বিজেপিৰ জনবিৰোধী আৰু মিছা প্ৰতিশ্ৰুতিৰ প্ৰতি ক্ষোভিত হৈ, নতুনক পাই পুৰণিক গুৰুত্ব প্ৰদান নকৰা বাবে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে বুলি জানিবলৈ দিয়ে কংগ্ৰেছত যোগদান কৰা সকলে ।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে