গুৱাহাটীঃ ক’ৰণাৰ ভয়াবহ গণসংক্ৰমণৰ আশংকাত গুৱাহাটীত ২৯ জুনৰ পৰা ১২ জুলাইলৈকে ঘোষণা কৰা ল’ক ডাউন পুনৰ দুসপ্তাহ পৰ্যন্ত বৃদ্ধি কৰা সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ল’ক ডাউন বৃদ্ধি কৰাৰ দাবী তুলিছে গুৱাহাটী মহানগৰীৰ নাগৰিক সমিতিয়ে৷
ল’ক ডাউনৰ সন্দৰ্ভত কামৰূপ প্ৰশাসন আৰু নাগৰিক সমিতি মাজত শুক্ৰবাৰৰ আবেলি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ জিএমচিএইচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত বৈঠকত নাগৰিক সমিতিৰ সদস্য সকলে মহানগৰীত ক’ৰণা গণসংক্ৰমণ ৰোধ কৰা স্বাৰ্থত এই প্ৰস্তাৱ উত্থাপন কৰে৷
তদুপৰি ল’ক ডাউনৰ সময়ত দৈনিক উপাৰ্জনেৰে জীৱন নিবাহ কৰা লোক তথা দুখীয়া লোকসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই নাগৰিক সমিতিয়ে৷ সমান্তৰালভাৱে নাগৰিক সমিতিৰ সদস্য সকলে খাদ্য সামগ্ৰী মুল্যবৃদ্ধি হ্ৰাস কৰা বাবেও ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনায়৷
বৈঠকত কামৰূপ জিলাৰ উপায়ুক্ত, প্ৰশাসন কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থকাৰ লগতে ২০ খন নাগৰিক সমিতিৰ সদস্য উপস্থিত থাকে৷ উল্লেখ্য যেএই বৈঠকৰ সামগ্ৰীক প্ৰতিবেদন ৰাজ্য চৰকাৰলে প্ৰেৰণ কৰা হ’ব৷