January 30, 2023, 4:48 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীলৈ আৰক্ষীৰ গুলী বাঢ়িয়েই আছেঃ ফেব্ৰুৱাৰীৰ পৰা আকৌ বাঢ়িব বিদ্যুৎ মাচুল ৩৭ খন পতাকা উত্তোলনেৰে আৰম্ভ হ’ল সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ৰাজ্যিক অধিবেশন কটন বিশ্ববিদ্যালয়ত ড০ সূৰ্য কুমাৰ ভূঞাৰ জন্মদিৱস উদযাপন

নাগৰিক ‘ভাৰতীয়’ আৰু ‘Indian’ হিচাপে বিভক্ত, মঙলদৈত অনুষ্ঠিত হ’ব সংস্কৃত ভাষাৰ আন্তঃৰাষ্ট্ৰীয় মহাধিৱেশন

Reporter Name
  • Update Time : Wednesday, March 23, 2022
  • 100 Time View

প্ৰবীণ বৰুৱা, মঙলদৈঃ উত্তৰ পূৰ্বাঞ্চলত সংস্কৃত ভাষা আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰৰ উদ্দেশ্যে লোকভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় সংস্কৃত মহাধিৱেশন অহা বছৰ মঙলদৈ নগৰত অনুষ্ঠিত হ’ব। দেশ-বিদেশৰ সহস্ৰাধিক সংস্কৃত বিদ্বান, অধ্যাপক, সামাজিককৰ্মী, সেৱক, বিদ্যাৰ্থী, যুৱক-যুৱতীৰ অংশগ্ৰহণেৰে এই মহাধিৱেশন তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব৷ বুধবাৰে মঙলদৈ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত এই কথা সদৰি কৰে লোকভাষা প্ৰচাৰ সমিতিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পণ্ডিত প্ৰৱৰ ড০ সদানন্দ দীক্ষিতে। সমিতিৰ ৰাষ্ট্ৰীয় মহাসচিব কুশল কলিতা, বিভূতি নাৰায়ণ কৰ আৰু ওড়িশা শাখাৰ সভাপতি ড০ বিপিন বিহাৰী শতপথীৰ উপস্থিতিত সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে ভাৰতক বিশ্বগুৰু কৰিবলৈ সংস্কৃত ভাষাই সৰ্বোত্তম পন্থা বুলি কয়। ভাৰতীয় সংস্কৃতি, সভ্যতাৰ পৰিবাহক সংস্কৃত ভাষা ভাৰতীয় শিক্ষা ব্যৱস্থাৰ পৰা ক্ৰমশঃ আতৰি যোৱাৰ বাবে আজি ভাৰত দেশৰ নাগৰিক ‘ভাৰতীয়’ আৰু ‘Indian’ এই দুভাগত বিভক্ত হৈ পৰিছে। পৃথিৱীৰ কোনো দেশৰ দুটা নাম নাই, একমাত্ৰ ভাৰতৰ দুটা নাম, ইংৰাজীত India, অন্যান্য ভাৰতীয় ভাষাত ‘ভাৰত’। ই এক বহিৰাগত চক্ৰান্ত৷ যাৰ দ্বাৰা ভাৰতীয় নাগৰিকক আত্মিকভাৱে ভাৰতীয় ভাৱনাৰে সমৃদ্ধ হোৱাৰ পৰা বঞ্চিত কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ জনগাঁথনিৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰান্তত সংস্কৃত আৰু ভাৰতীয় সংস্কৃতিৰ বিশাল প্ৰচাৰ প্ৰয়োজন হৈ পৰিছে। সংস্কৃত ভাৰতৰ একতাৰ একমাত্ৰ সূত্ৰ। প্ৰতিখন ৰাজ্যৰে মানুহে সংস্কৃত বুজে, জানে কিন্তু ব্যৱহাৰ নকৰে। ইয়াক ব্যৱহাৰত অনাটোৱে লোকভাষা প্ৰচাৰ সমিতিৰ মূলকাম। উল্লেখ্য যে, যোৱা ২২ মাৰ্চত মঙলদৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এখন ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিবলৈ লোকভাষা প্ৰচাৰ সমিতিৰ কেন্দ্ৰীয় নেতৃত্ব মঙলদৈত উপস্থিত হৈছে। সন্মিলনত অসমৰ সোতৰখন জিলাৰ প্ৰায় তিনি শতাধিক প্ৰতিনিধি উপস্থিত থাকে। অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱী, গুৱাহাটী ইছকন মন্দিৰৰ শ্ৰীজীৱ দাস প্ৰভু, বিশিষ্ট উদ্যোগপতি মুকুল ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ জগদীশ শৰ্মা, নলবাৰী সংস্কৃত বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ ছবিলাল উপাধ্যায় তথা অন্যান্যসকলৰ উপস্থিতিত এই সন্মিলনত নগাঁৱৰ প্ৰসিদ্ধ সংস্কৃত গায়ক, গীতিকাৰ, অনুবাদক ৰঞ্জন বেজবৰুৱাক “ৰাষ্ট্ৰীয় সংস্কৃত গীতি কবি” সন্মানেৰে বিভূষিত কৰাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ ৪৫ গৰাকী মেধাবী বিদ্যাৰ্থীক ড০ মুকুন্দ মাধৱ শৰ্মা স্মাৰক বঁটাৰে সন্মানিত কৰা হয়। অসম শাখাৰ অধ্যক্ষ ড০ ভাৰতী গোস্বামীয়ে অধ্যক্ষতা কৰা, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ মণিমুগ্ধ বৰঠাকুৰে বন্তি প্ৰজ্বলন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ‘মধুৰং সংস্কৃতম’ নামৰ এখন গীতিপুস্তক উন্মোচন কৰা হয়।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে