বৰপথাৰঃ বিধান সভাৰ নিৰ্বাচন সমাগত। ৰাজ্যত ২১ৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে। সমানে ৰাজ্যত পুনৰ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত উত্তাল সৰুপথাৰৰ ৰাজপথ। ‘কা’ বিৰোধিতাৰে সৰুপথাৰত আছুই প্ৰতিবাদ সাব্যস্ত কৰে।
ক’ৰোনা ভয়াবহতাৰ মাজতে সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনে ‘কা’ বিৰোধী আন্দোলন সক্ৰিয় কৰি তুলিছে। সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ আহ্বান মৰ্মে, ধনশিৰি মহকুমা ছাত্ৰ সন্থাই সৰুপথাৰৰ মাজ-মজিয়াৰ পৰা উৰীয়ামঘাট টাউনলৈ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বাইক ৰেলী উলিয়াই। বাইক ৰেলীৰ জৰিয়তে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়া পৰিলক্ষিত হয়৷