নাহৰকটীয়াঃ ৰাজ্যত চৌদিশে পুনৰ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন আৰু পৰিবেশ প্ৰভাৱ মূল্যায়ন অধিসূচনা-২০২০ বাতিলৰ দাবীত প্ৰতিবাদ৷ উজনি-নামনি অসমত নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু পৰিবেশ প্ৰভাৱ মূল্যায়ন আইন বাতিলৰ দাবীত ৰাজ্য প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শুকুৰবাৰে নামৰূপ আছুৱে বাইক ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে৷
নাগৰিকত্ব আইন আৰু পৰিবেশ প্ৰভাৱ মূল্যায়ন আইন বাতিলৰ দাবীত শুকুৰবাৰে নামৰূপ আছুৱে বাইক ৰেলী উলিয়াই ৰাজপথ উত্তাল কৰি তোলে৷ নামৰূপ আছুৰ কাৰ্যালয়ৰ পৰা ৰেলী উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি নামৰূপৰ বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰে।