নাহৰকটীয়াঃ বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱক-যুৱতীয়ে কোভিড-১৯ মহামাৰীৰ সময়ত কৰ্মসংস্থাপনহীন হৈ অসমলৈ উভতি আহিছে৷ লাখ লাখ যুৱক-যুৱতী উভতি অহাৰ ফলত ভয়ানক ভাৱে নিবনুৱা সমস্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে৷ এনে কৰ্মসংস্থাপনহীন যুৱক-যুৱতীয় অসমতে কৰ্মসংস্থাপন লাভ কৰিবৰ বাব চেষ্টা চলাই গৈছে৷
একাংশ যুৱ-যুৱতীয়ে কৃষিকাৰ্যত ধৰিছে, কোনোৱে ব্যৱসায় কৰিছে৷ নিবনুৱাসকলে যাতে বিজ্ঞানসন্মত ভাৱে কাম কৰিব পাৰে তাৰ বাবে নাহৰকটিয়াৰ সূৰুযজ্যোতি সংঘই যুৱক-যুৱতীক কৃষি আৰু পশুপালনৰ কৰ্মশালা সভা অনুষ্ঠিত কৰিছে। নাহৰকটিয়া মহাবিদ্যালয়ত প্ৰায় কেইবা শতাধিক নিবনুৱা যুৱক-যুৱতীয়ে অংশ লোৱা কৰ্মশালাত ডিব্ৰুগড় কৃষিবিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড০ হিৰণ্য কুমাৰ ভট্টাচাৰ্য, হেমচন্দ্ৰ শইকীয়া, তিলক মালাকাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে। বৰ্ধিত নিবনুৱা সমস্যাই ৰাজ্যত এক জটিল ৰূপ ধাৰণ কৰাৰ সময়ত এনে প্ৰশিক্ষণৰ দ্বাৰা নিবনুৱাসকলে অতি কম খৰচতে হাঁহ-কুকুৰা-গাহৰি তথা কৃষি কাৰ্য বৈজ্ঞানিক পদ্ধতিৰে কৰিলে স্বাৱলম্বী হ’ব পাৰি বুলি সুৰুযজ্যোতি সংঘৰ বিষয়ববীয়া ললিত মাহালিয়ে জানিবলৈ দিয়ে।