পঙ্কজ কুমাৰ লহকৰ, নলবাৰীঃ আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। ধপাত বিৰোধ কৰি ১৯৮৭ চনৰ ৩১ মে’ মাহৰ পৰাই বিশ্বত শান্তিৰ্থে বিশ্ব ধপাত বিৰোধী দিলস পালন কৰি অহা হৈছে। বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন কৰা হয়। নলবাৰী পি.এন.চি ৰোডস্থিত শ্বহীদ ভৱন বাকৰীত নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতালৰ উদ্যোগত আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ব ধঁপাত বিৰোধী দিৱস এখন সভা অনুষ্ঠিত কৰি উদযাপন কৰা হয়। সভাত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন, নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতালৰ অধ্যক্ষ গণেশ তামুলী, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদ, আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক নৱ কুমাৰ ডেকা উপস্থিত থাকে। সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট নাটাকাৰ, সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাই।