আজি সমগ্ৰ দেশ-ৰাজ্যৰ লগতে নলবাৰীতো হনুমান জয়ন্তী উদযাপন কৰা হয়। নলবাৰী চহৰৰ এন.টি ৰোডস্থিত ধৰমশালাত মহাবলী পবনপুত্ৰ শ্ৰী শ্ৰী হনুমান জয়ন্তী উদযাপন কৰা হয়। পুৱাৰে পৰা মাংগলিক বিধি-বিধান মতে চলা পূজাত পূজাত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক ভক্তৰ সমাগম ঘটে। এই পূজাত প্ৰায় ৫১ কেজিৰ এটা লাডু হনুমান মহাপ্ৰভুলৈ আগবঢ়োৱা হয়। প্ৰায় সহস্ত্ৰাধিক ভক্তগণক ধৰমচালা আপৈয়ন ভৱনত বিভিধ ব্যঞ্জনৰে আপৈয়ন কৰা হয়। মহাবলী, পবন পুত্ৰ হনুমানে যেন সকলোকে আশীৰ্বাদ কৰি অশুভ শক্তিৰ বিনাশ ঘটাই৷ সকলোৰে শান্তি-সমৃদ্ধি প্ৰদান কৰে তাৰ বাবে আমিও হনুমানক মিনতি কৰে।