পঙ্কজ কুমাৰ লহকৰ, নলবাৰীঃ নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু সমগ্ৰ শিক্ষা নলবাৰী কাৰ্যালয় প্ৰাংগনত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। নলবাৰী শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত আন্তৰ্জাতিক নাৰী দিৱস। আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি তিনিদিনীয়াকৈ গ্ৰন্থমেলা অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী আৰম্ভণিত গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচনৰ পিছত প্ৰাচীৰ পত্ৰিকা শিঞ্জন শীৰ্ষক নৱতম সংখ্যা উন্মোচন কৰা হয়। তদুপৰি নলবাৰী শিক্ষা বিভাগৰ দ্বাৰা অনুষ্ঠিত তিনিদিনীয়া কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।
ইপিনে নলবাৰী জিলাৰ বৰগাছাঁ মিলন হাইস্কুলত ছাত্ৰীসকলে ‘মমতাময়ী নাৰী’ নামৰ নাটক মঞ্চস্থ কৰে৷ অনুষ্ঠানত বৰগাছা জলহুৰাম প্ৰাথমিক বিদ্যালয়, বুৰবুকিয়া প্ৰাথমিক বিদ্যালয়, মিলন হাইস্কুল বৰগাছাৰ সমূহ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। অনুষ্ঠানৰ আঁতধৰে এইদ এত এক্সনৰ শিক্ষা সহায়কসকল।