নলবাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ দতৰাত স্বেচ্ছাসেৱী সংস্থা বিবেকানন্দ আৰ্থ-সামাজিক বিকাশ মঞ্চ, নেচনেল মেডিক’জ অৰ্গেনাইজেচন, অসম সেৱা ভাৰতী, পূৰ্বাঞ্চল, সক্ষম, প্ৰয়াত ৰাজেন্দ্ৰ নাথ বুজৰ বৰুৱা স্মৃতি ন্যাসৰ সহযোগত জ্যেষ্ঠ নাগৰিকক বিনামূলীয়া চশমা প্ৰদান কৰা হয়৷ দতৰা গাঁও পঞ্চায়তত ‘নেত্ৰ সাৰথি’ শীৰ্ষক বিনামূলীয়া চশমা বিতৰণ অনুষ্ঠানত ২৭০গৰাকী লোকক চশমা বিতৰণ কৰা হয়। অনুষ্ঠানত সেৱা ভাৰতী পুৰ্বাঞ্চলৰ সভাপতি ৰমেন শৰ্মা, ডা০ মৃনাল হালৈ, এনএমঅ’ৰ ডা০ ধীৰেন দাস পানিকৰ, ডা০ মমতা দেৱী, ডা০ মুকুল ভাটিয়া উপস্থিত থাকে। অঞ্চলটোৰ প্ৰায় ২৫০ গৰাকী চকুৰ ৰোগীক প্ৰয়াত ৰাজেন্দ্ৰ নাথ বুজৰ বৰুৱা স্মৃতি ন্যাসে আগন্তুক দিনত বিনামূলীয়াকৈ চশমা দিয়াৰ ব্যৱস্থা কৰিব৷ আৰ্থ-সামাজিক বিকাশ মঞ্চৰ সভাপতি ভদ্ৰৰাম ডেকা, সাধাৰণ সম্পাদক পংকজ বুজৰ বৰুৱা, ন্যাসৰ সভাপতি প্ৰশান্ত বুজৰ বৰুৱা, কল্পজ্যোতি কলিতাই জানিবলৈ দিয়ে।অঞ্চলটোৰ বৃদ্ধসকলে বিনামূলীয়াকৈ চশমা লাভ কৰি সংশ্লিষ্ট সংস্থাটোক ধন্যবাদ জ্ঞাপন কৰে।