পঙ্কজ কুমাৰ লহকৰ, নলবাৰীঃ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে ৩নং খাটাগাঁও পঞ্চায়তৰ অন্তগত পূৱ নলবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন আৰু জনতাৰ সদন কাৰ্যসূচী ৰূপায়ন কৰা হয়। কৃষাণ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি ধনেশ্বৰ ডেকাই আঁতধৰা সভাত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাকে প্ৰমুখ্য কৰি কেইবা গৰাকী বিষয়-ববীয়া আৰু সাধাৰণ ৰাইজ। সভাত বিধায়ক জয়ন্ত মল্ল বৰুৱাই পোনপটীয়াকৈ ৰাইজক আঁচনিসমূহ লাভ কৰিছে নে নাই লগতে বিভিন্ন সমস্যাৰ বুজ লয়। ৰাইজেও পোনপটীয়াকৈ বিধায়কক নিজৰ-নিজৰ অভাৱ-অভিযোগৰ বিষয়ে অৱগত কৰে। সভাৰ পৰাই বিধায়ক জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে প্ৰকৃত হিতাধিকাৰীক আঁচনিসমূহ প্ৰদান কৰি দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ চেষ্টা কৰিব। যি সকল ভুৱা ৰেচন কাৰ্ড আছে আৰু অৰুণোদয়ত ভুৱা হিতাধিকাৰী আছে তেওলোকক চিনাক্ত কৰণৰ ব্যৱস্থা অব্যাহত ৰাখিব।