পঙ্কজ কুমাৰ লহকৰ, নলবাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ পৰা ভাৰ্চুৱেলি গৰীৱ কল্যাণ যোজনাৰ অন্তৰ্গত আঁচনিসমূহৰ বাবে মত-বিনিময় কৰে। দেশৰ বিভিন্নখন ৰাজ্যৰ লগতে অসমতো ঐতিহাসিক শিৱসাগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকল্যাণ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ১০ কৌটিৰো অধিক কৃষকলৈ ২১০০০ কৌটি টকাৰ ১১তম কিস্তি হস্তান্তৰকৰণ কৰাৰ বাবে বৃহৎ ৰাজহুৱা সভা আয়োজন কৰা হয়। এই সভাখন উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই ঐতিহাসিক সভাখন নলবাৰী চহৰস্থিত নাট্য মন্দিৰতো প্ৰদৰ্শন কৰা হয়।
বিশিষ্ট শিক্ষাবিদ সঞ্জীৱ গোস্বামীয়ে আতধৰা সভাখনত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু, নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, জিলা উপায়ুক্ত গীতিমনি ফুকন।
সকলো গৰীৱ কল্যাণনৰ বাবে লোৱা কেইবাখনো আঁচনিভুক্ত ঐতিহাসিক সভা বুলি শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগু আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰে। টেট শিক্ষকৰ ক্ষেত্ৰত কোনো জটিলতা নাই বুলি উল্লেখ কৰে লগতে অনাগত সময়ত যদি বিভিন্ন বিদ্যালয়ৰ পদসমূহ মুকলি হয় তেন্তে পদসমূহ পৰ্যায় ক্ৰমে মুকলি কৰি দিম বুলিও উল্লেখ কৰে।