নুমলীগড়ঃ হঠাতে স্থানীয় শ্ৰমিকক কামৰ পৰা উলিয়াই দিয়াত ক্ষোভিত হৈ পৰিছে নুমলীগড়ৰ বৃহৎ সংখ্যাক দৰিদ্ৰ শ্ৰমিক৷ যাৰ ফলত অন্যায়াৰ সন্মুখীন হোৱা শ্ৰমিকে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷
নমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতা আৰু ফ্ৰান্সৰ ছেমপলিছ কোম্পানীয়ে নমলীগড় শোধনাগাৰ এলেকাত কৰি থকা নিৰ্মাণ কাৰ্যৰ পৰা স্থানীয় বৃহৎ সংখ্যাক শ্ৰমিকক ছাটাই কৰে৷ ফলত শ্ৰমিকসকলে সমস্যাত পৰি ককবকাব লগা হৈছে৷ হঠাতে এনেদৰে শ্ৰমিকক উলিয়াই দিয়াত বিপদ পৰা শ্ৰমিকক পুনৰ কামত সোমাই লবলৈ দাবী জনাইছে৷
অসম বায়’ ৰিফাইনেৰী প্ৰাইভেট লিমিটেড সোমাই পৰিছে বিতৰ্কৰ আৱৰ্তত৷ নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক সৌমেন্দ্ৰ কুমাৰ বৰুৱা, কাৰ্যবাহী বিষয়া গুনীন শৰ্মাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে শ্ৰমিকসকলে৷ পঞ্জাৱ ইঞ্জিনিয়াৰিং কোম্পানীয়ে স্থানীয় শ্ৰমিকক ছাটাই কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শ্ৰমিক সংগঠন৷ শ্ৰমিকসকলক পুনৰ মকৰল কৰা, শ্ৰমিকৰ প্ৰাপ্য সুবিধা প্ৰদান কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ কৰে৷ এন আৰ এল কৰ্তৃপক্ষ মুৰ্দাবাদ, এ বি আৰ পি এল মুৰ্দাবদ, পঞ্জাৱ ইঞ্জিনীয়াৰিং গ-বেক শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে৷