March 29, 2023, 10:46 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নব্বৈৰ দশকৰ দৰে সন্ত্ৰাস চলিছে অসমত, জয়ন্ত বৰাৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবী AJYCP-ৰ

Reporter Name
  • Update Time : Tuesday, June 16, 2020
  • 178 Time View

বোকাজানঃ যোৰহাটৰ বৰহোলাৰ স্নাতকৰ ছাত্ৰ জয়ন্ত বৰাক শোৱা পাটিৰ পৰা উঠাই নিয়াৰ পিছতে নিৰাপত্তাৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ ঘটনাৰ ৰাজ্যত চাঞ্চল্য অব্যাহত আছে৷ অসম-নগালেণ্ড সীমান্তৰ বালিজান গাভৰু আলিৰ ১৫ নং ব্লকৰ প্ৰাক্তন সেনা বিষয়া প্ৰয়াত হেম বৰাৰ একমাত্ৰ পুত্ৰ জয়ন্ত বৰাৰ ঘৰত অস্ত্ৰৰ সন্ধানত তালাচী চলাোৱাৰ লগতে নিৰাপত্তাৰক্ষীয়ে উঠাই নিয়াৰ পিছতে মৃত্যু হোৱাৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে।

সংগঠনটোৰ বকলীয়াঘাটস্থিত কাৰ্যালয়ত কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক জিতু ফুকন আৰু অপূৰ্ব দাসে এক সংবাদমেলৰ অনুষ্ঠিত কৰি উগ্ৰপন্থী বিচৰাৰ নামত নিৰীহ যুৱকক নিশা শোৱা পাটিৰ পৰা উঠাই আনি নিৰ্যাতন চলাই হত্যা কৰা ঘটনাই ৰাজ্যখনৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাটোকে প্ৰতীয়মান কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। জয়ন্ত বৰাৰ হত্যাৰ ঘটনাই নব্বৈৰ দশকৰ সেনা সন্ত্ৰাসৰ ভয়াৱহ দিনবোৰৰ স্মৃতি সজীৱ কৰি তোলা বুলি মত ব্যক্ত কৰি ৰাইজক সকলোধৰণৰ নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা চৰকাৰখনৰ আমোলত আজি গুপ্তহত্যা আৰু মুক্তহত্যা দুয়োটাই সুলভ হৈ পৰা বুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে সংগঠনটোৱে।

আনহাতে, জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ তদন্ত যাতে ফাইলতে আৱদ্ধ নাথাকে তাৰ প্ৰতি আহ্বান জনাই উক্ত হত্যাকাণ্ডৰ সৈতে জড়িত সকলোকে উপযুক্ত তথা দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়। অসমত সম্প্ৰতি কাৰ্যকৰী হৈ থকা সামৰিক বাহিনীৰ বিশেষ সশস্ত্ৰ আইন বাতিল কৰাৰ বাবেও সংগঠনটোৱে দাবী জনায়। আনহাতে, জিলাখনৰ বিভিন্ন প্ৰান্তত কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদে স্থাপন কৰা প্ৰবেশ কৰ সংগ্ৰহ গেটসমূহত নিতৌ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি প্ৰবেশ কৰ সংগ্ৰহ গেটসমূহত চৰকাৰে নিৰ্দ্দিষ্ট কৰি দিয়া পৰিমাণতকৈ কেইবাগুণে বেছি কৰ সংগ্ৰহ কৰি অহা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে।

পৰিষদৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে এনে দুৰ্নীতিৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেও স্বায়ত্ব পৰিষদ কৰ্তৃপক্ষক কঠোৰ সমালোচনা কৰে সংগঠনটোৱে। নীতি অনুসৰি প্ৰতিখন এনে টেক্সগেটতে চৰকাৰী কৰৰ পৰিমাণ মুকলিকৈ প্ৰদৰ্শন কৰিব লাগে যদিও একমাত্ৰ লুণ্ঠনৰ স্বাৰ্থতে এনে কৰা নহয় বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে। সংবাদমেলত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বকলীয়াঘাট আঞ্চলিক সমিতিৰ উপ-সভাপতি মুকুন্দ বৰা আৰু সাধাৰণ সম্পাদক ঋতুৰাজ বৰুৱা উপস্থিত থাকে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে