নিউজ ডেস্কঃ ৰাজ্যৰ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ বৰ্তমানৰ অৱস্থাৰ বুজ ল’বলৈ আজি নতুন দিল্লীৰ অসম হাউচৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ যোগেদি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন বৈঠকত ভাগ লয়। বৈঠকত ৰাজ্যখনৰ জনসাধাৰণক উন্নত আৰু মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ নিৰন্তৰ উন্নীতকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যত চলি থকা চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰো বুজ লয়। এই বৈঠকত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙো উপস্থিত থাকে।