March 25, 2023, 3:21 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নগাঁৱৰ ৩খন গাঁৱত দেওবাৰৰ পৰা সাতদিনৰ বাবে পুনৰ লকডাউন

জয়ন্ত মুদৈ
  • Update Time : Saturday, July 4, 2020
  • 222 Time View

বেবেজীয়াঃ মুফতি খাইৰুল ইছলামৰ জানাজাত হোৱা বিশাল জনসমাগমৰ বাবে নগাঁও জিলাৰ জুৰীয়াৰ দগাঁও, পৰমাইভেটি আৰু ধিং গাঁৱত সাতদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে নগাঁও জিলা উপায়ুক্তই ৷

অহা ৫ জুলাইৰ বিয়লি ৩ বজাৰ পৰা কঠোৰভাবে বলবৎ হ’ব এই লকডাউন ৷ সেয়ে উক্ত অঞ্চলকেইটাৰ জনসাধাৰণক কাইলৈ বিয়লি ৩ বজাৰ পূৰ্বেই অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰাৰ আহ্বান জনাইছে উপায়ুক্তগৰাকীয়ে ৷

লকডাউনৰ দিনকেইটাত কোনো লোক সেই অঞ্চলকেইটাত ওলোৱা আৰু সোমোৱাত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ৷ আজি আয়োজিত এক সংবাদমেলৰ জৰিয়তে এই ঘোষণা কৰে নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই ৷

ধিঙৰ বিধায়ক আমিনুল ইছলামৰ পিতৃ, মুফতি খাইৰুল ইছলামৰ জানাজাত কেইবা সহস্ৰাধিক লোকৰ সমাগম হোৱা সন্দৰ্ভত সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ উদ্ভৱ হোৱাত উপায়ুক্ত যাদৱ শইকীয়াই আয়োজন কৰিছিল এই সংবাদমেলৰ ৷

উল্লেখ্য, সম্প্ৰতি কৰ’না মহামাৰীৰ প্ৰতিৰোধৰ বাবে আৰোপ কৰা চৰকাৰী নীতি-নিৰ্দেশনাক সম্পূৰ্ণ আওকাণ কৰি মুফতি খাইৰুল ইছলামৰ জানাজাত সংঘটিত হোৱা এনে ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত ধিঙৰ চক্ৰ বিষয়াই দিয়া এজাহাৰৰ ভিত্তিত আৰু আৰক্ষীয়ে নিজাববীয়াকৈ জুৰীয়া আৰক্ষী থানাত ডি এম এক্টৰ অধীনত ২৫৯/২০২০ আৰু ২৬২/২০২০ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে