নগাঁওঃ নগাঁৱৰ হিন্দু মিলন মন্দিৰত দেওবাৰে পৱিত্ৰ মাঘী পূৰ্ণিমা মহোৎসৱ আৰু ভাৰত সেৱাশ্ৰম সংঘৰ প্ৰতিষ্ঠাতা যুগাচাৰ্য স্বামী প্ৰণবানন্দজী মহাৰাজৰ ১২৮ তম আবিৰ্ভাৱ তিথি উদযাপন কৰা হয় । এই উপলক্ষে নগাঁও চহৰৰ মাজেৰে এটি বৰ্ণিল ধৰ্মীয় শোভাযাত্ৰা উলিওৱাৰ লগতে পূজা-আৰতি, শংখধ্বনি, ভজন, গীতা পাঠ আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হয় । বীৰত্ব, পুৰুষত্ব, মনুষ্যত্ব আৰু মুমুক্ষুত্বৰ মহাপূণ্যক আধাৰ হিচাপে লৈ আয়োজন কৰা নগাঁও হিন্দু মিলন মন্দিৰৰ এই বিশেষ অনুষ্ঠানটিত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকেও অংশ লৈ পূজা-অৰ্চনা আগবঢ়ায় । উল্লেখ্য যে, প্ৰতিবছৰেই মাঘী পূৰ্ণিমাৰ দিনটো এনেদৰে উদযাপন কৰি আহিছে ভাৰত সেৱাশ্ৰম সংঘৰ অনুমোদিত হিন্দু মিলন মন্দিৰে ।