নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন ভোমোৰাগুৰিত বুধবাৰে বিয়লি সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী স্কুটী আৰোহী মহিলা নিহত হোৱাৰ বিপৰীতে আন এগৰাকী মহিলা আহত হয় ৷ প্ৰাপ্ত খবৰ মতে, নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথেৰে তীব্ৰ বেগত আহি থকা এ এছ-০৯ চি ২১০২ নম্বৰৰ এখন ডাম্পাৰে এ এছ-০১-ডি ডব্লিউ ৯৬৭৪ নম্বৰৰ স্কুটীখনক পিছফালৰ পৰা মহটিয়াই নিয়াত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷ ফলত স্কুটী আৰোহী নৱনীতা দেৱী নামৰ মহিলাগৰাকী থিতাতে নিহত হোৱাৰ বিপৰীতে আন গৰাকী স্কুটী আৰোহী মহিলা ববিস্মিতা দেৱী আহত হয় ৷ দুৰ্ঘটনাৰ সন্মুখীন হোৱা দুয়োগৰাকী মহিলাৰ ঘৰ ভোমোৰাগুৰিৰ লালুংগাঁৱত ৷ কৰ্মসূত্ৰে দুই সন্তানসহ স্বামীৰ সৈতে গুৱাহাটীত থকা নিহত মহিলাগৰাকী ভোগালী বিহুৰ বাবে ভোমোৰাগুৰিৰ পিতৃ গৃহলৈ ফুৰিবলৈ আহিছিল ৷ ইফালে, পিছত ঘটনাৰ খবৰ পাই বটদ্ৰৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ অৱশ্যে, দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘাতকৰূপী ডাম্পাৰখনে পলায়ন কৰিছিল যদিও বটদ্ৰৱা আৰক্ষীৰ তৎপৰতাত পৰৱৰ্তী সময়ত ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য, নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ গ্ৰামাঞ্চলবোৰত দীৰ্ঘদিনৰে পৰা চলি আহিছে ডাম্পাৰৰ চৰম দৌৰাত্ম্য ৷ জিলা পৰিবহন, বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ চূড়ান্ত গাফিলতি আৰু ৰহস্যজনক নিৰবতাৰ বাবেই উক্ত গ্ৰামাঞ্চলবোৰত ডাম্পাৰৰ অতপালি ইমানেই বৃদ্ধি পাইছে যে গঞাৰাইজে প্ৰতিক্ষণতে অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে ৷ পুৱাৰে পৰা নিশালৈকে এই অতি গধুৰ ডাম্পাৰবোৰে গাঁৱৰ পথেৰে তীব্ৰ বেগত চলাচল কৰাৰ বাবেই এনেদৰে ডাম্পাৰৰ খুন্দাত স্কুটী আৰোহী মহিলাগৰাকীয়ে প্ৰাণ দিবলগীয়া হ’ল বুলি ৰাইজে জানিবলৈ দিছে ৷