নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ নগাঁও জিলাৰ বেবেজীয়াত বৃহস্পতিবাৰে উপস্থিত হয় অসম চৰকাৰৰ আবকাৰী, মীন আৰু পৰিবহণ দপ্তৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে বেবেজীয়াৰ ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত দুপৰীয়া উপস্থিত হৈ গুণোৎসৱৰ পৰিবেশৰ বুজ লোৱাৰ লগতে শ্ৰেণীকোঠালৈ গৈ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে । প্ৰায় দুঘণ্টা সময় শিক্ষানুষ্ঠানখনৰ বিদ্যায়তনিক দিশ পৰ্যবেক্ষণ কৰি জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে শিক্ষক-কৰ্মচাৰীসকলক সংস্কাৰমুখী পৰিবেশ গঢ়ি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ গোচৰৰ ৰায়দানৰ সন্দৰ্ভতো মত ব্যক্ত কৰি কয় যে- ন্যায়ালয়ৰ ৰায় দিয়াৰ পিছত আমি ৰাজনীতিৰ সৈতে জড়িত থকাসকলে মন্তব্য দিয়া উচিত নহয় । কিন্তু যিহেতু এই ৰায়দানক লৈ তেওঁৰ পৰিয়াল আৰু সমাজ সন্তুষ্ট নহয় সেয়ে ভুক্তভোগী পৰিয়ালৰ সৈতে আমি ন্যায়িক ব্যৱস্থাৰ মাজেৰে গৈ ন্যায় লাভৰ বাবে প্ৰয়াস কৰা হ’ব বুলি বেছ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী গৰাকীৰ উপৰিও প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ শিক্ষানুষ্ঠানখনৰ আজিৰ কাৰ্যসূচীত খাগৰিজান শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈ, নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, সহযোগী অধ্যাপক মোহিনী মোহন ডেকা, সাংবাদিক জ্যোতিপ্ৰসাদ বৰা, একশৰণ ভাগৱতী সমাজৰ প্ৰচাৰ সচিব ডেভিদ দাস, শিল্পী গম্ভীৰ নাথ আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷