নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ সমগ্ৰ ৰাজ্যজুৰি ওলহ-মালহেৰে উদযাপন কৰা হৈছে গণৰাজ্য দিৱস ৷ দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে পুৱাই ৰাজ্যৰ সৰ্বত্ৰে উত্তোলন কৰা হৈছে ত্ৰিৰংগা পতাকা ৷ ইয়াৰ ব্যতিক্ৰম নহয় নগাঁও জিলাও ৷ জিলাখনৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত পুৱা ৭-৩০ বজাতেই কৰা হয় পতাকা উত্তোলন ৷ কৃষি বিভাগ, বন বিভাগ, গ্ৰামোন্নয়ন আৰু স্বাস্থ্য বিভাগৰ কাৰ্যালয় আদিত উলহ-মালহেৰে পতাকা উত্তোলনকে ধৰি নানা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সৰ্বসাধাৰণ নাগৰিকৰ মাজত মিঠাই বিতৰণ কৰা হয় ৷