নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ জুৰীয়াৰ কিছু নিলগৰ পৰমাইভেটিত বৃহস্পতিবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ বিপৰীতে কেইবালাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷ প্ৰাপ্ত খবৰ মতে, পৰমাইভেটিৰ ফকৰ উদ্দিন মৌলানা নামৰ লোকজনৰ ঘৰত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । মাজনিশা হঠাতেই দপদপাই জ্বলি উঠা জুইৰ লেলিহান শিখাই নিমিষতে ঘৰটো আগুৰি ধৰি সকলো ছাই কৰি পেলাই ৷ পৰিণতিত বাসগৃহটোৰ কাপোৰ-কানি, বিচনা, খাদ্য-সামগ্ৰী, বাচন-বৰ্তনকে ধৰি বহু আচবাব, গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুইত ভস্মীভূত হয় ৷ ঘটনাৰ আকস্মিকতাত সমগ্ৰ অঞ্চলটোত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় আৰু বহুলোক সমবেত হৈ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ পিছত বহু চেষ্টাৰ অন্তত ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ আচলতে জ্বলি থকা মমবাতিৰ পৰাই জুইৰ সূত্ৰপাত ঘটাৰ ফলতেই এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ কথা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷