বেবেজীয়াঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ ধিং আৰক্ষী থানাৰ এলেকাৰ ধূপগুৰি পথাৰৰ ৰুকিয়া খাতুন (২৫) বিগত ৭ দিনে নিৰুদ্দেশ হৈ আছে৷ জানিব পৰা মতে, যোৱা ২৮ আগষ্টৰ দুপৰীয়া নিজ গৃহৰ পৰাই মহিলাগৰাকী নিৰুদ্দেশ হয়৷ হঠাতে মহিলাগৰাকী নিখোজ হৈ পৰাত ঘৰত হুৱা-দুৱা লাগে আৰু পৰিয়ালৰ লোকে ওচৰ-চুৰীয়া তথা আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰিও কোনো শুংসূত্ৰ নোপোৱাত মহিলাগৰাকীৰ স্বামীয়ে ইতিমধ্যে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷
আৰক্ষীয়ে বিগত ৭ দিন উকলি যোৱাৰ পিছতো মহিলাগৰাকীৰ কোনো সম্ভেদ উলিয়াব নোৱাৰাত দুটি কণমানি সন্তানক লৈ মহিলাগৰাকীৰ স্বামী আব্দুল জলিল এতিয়া মানসিকভাবে ভাগি পৰিছে৷ কোনো সদাশয় লোকে মহিলাগৰাকীৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা নাইবা ৯৭০৭১-১৩০৭৭ নম্বৰত যোগাযোগ কৰিবলৈ মহিলাগৰাকীৰ স্বামীয়ে অনুৰোধ জনাইছে৷