জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ ধূপগুৰিত আজি সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হয়৷ নিহত মহিলাগৰাকী হৈছে ধূপগুৰিৰ চালমা খাতুন (৪৩)। প্ৰাপ্ত খবৰ মতে, নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ ধূপগুৰিত ধিঙৰ পৰা নগাঁও চহৰ অভিমুখে তীব্ৰ বেগত আহি থকা এ এছ-০২-এ বি ৫২১১ নম্বৰৰ এখন বাইকে পথেৰে গৈ থকা মহিলাগৰাকীক পিছ ফালৰ পৰা খুন্দা মৰাত দুৰ্ঘটনাটো সংঘটিত হয়। ফলত মহিলাগৰাকী গুৰুত্বৰভাবে আহত হয়৷ লগে লগে উক্ত স্থানত থকা স্থানীয় লোকে সংকটজনক অৱস্থাত মহিলা গৰাকীক চিকিৎসাৰ বাবে ধিং এফ আৰ ইউত ভৰ্তি কৰে যদিও আঘাত অতি গুৰুত্বৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁও চহৰলৈ প্ৰেৰণ কৰে। কিন্তু পিছত চিকিৎসাধীন অৱস্থাতে মহিলা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ ইফালে, ঘাটকৰূপী বাইকখন স্থানীয় লোকে জব্দ কৰি আৰক্ষীক গতাই দিয়ে বুলি জানিব পৰা গৈছে৷