জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁৱৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত বৰভেটি গাঁৱৰ পথাৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ৷ পথাৰত কাম কৰিবলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ উদ্ধাৰ হোৱা মৃতদেহটো ধূপগুৰিৰ পথাৰৰ ছাইদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে৷ উদ্ধাৰ হোৱা মৃতদেহটোৰ কেইবাঠাইতো স্পষ্ট হৈ আছে আঘাতৰ চিন। পৰিকল্পিতভাবে ছাইদুল ইছলামক হত্যা কৰি মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ ইফালে, লীজত লোৱা এটা পুখুৰীৰ ধনৰ লেনদেনক কেন্দ্ৰ কৰি কিছুদিনৰ পৰা হিফজুৰ নামৰ এজন লোকৰ সৈতে বিবাদ চলি আছিল ছাইদুল ইছলামৰ৷ সেয়ে সেই বিবাদৰ পৰিণতিতে হিফজুৰে ছাইদুল ইছলামক হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ তুলিছে ছাইদুল ইছলামৰ পত্নীয়ে৷ ইতিমধ্যে ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ বিপৰীতে তদন্তত নামি পৰিছে৷ গতিকে আৰক্ষীৰ উচিৎ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।