নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ কণ কণ শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে নগাঁও জিলাৰ দক্ষিণ জাজৰিত মঙলবাৰে শিশু অনুষ্ঠান মইনা পাৰিজাতৰ শুভাৰম্ভ কৰা হয় ৷ এই মৰ্মে, পুৱাৰে পৰা দক্ষিণ জাজৰিৰ ড° ভূপেন হাজৰিকা মুকলি মঞ্চত সৃষ্টি হয় উদুলি-মুদুলি পৰিবেশৰ । দক্ষিণ জাজৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা শুভাৰম্ভ অনুষ্ঠানত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী উদযাপনৰ লগতে গোষ্ঠীৰ প্ৰতিষ্ঠা কালৰ প্ৰয়াত ব্যক্তি মানিক মহন্ত, ডিম্বেশ্বৰ বৰা, বাবুল দেউৰী, চেনাই কোঁৱৰ, নাৰায়ন বৰদলৈ, কৃষ্ণানন্দ তামুলী, লুইত মহন্ত আৰু পংকজ মহন্তক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয় ৷ পুৱা পতাকা উত্তোলনেৰে এই অনুষ্ঠানটিৰ পাতনি মেলে গোষ্ঠীৰ সভাপতি প্ৰবীন চন্দ্ৰ বৰদলৈয়ে । লগতে শ্বহীদ তৰ্পন কৰে অঞ্চলৰ শ্বহীদ পৰিয়ালৰ সদস্য তথা প্ৰাক্তন ছাত্র নেতা পংকজ ডেকাই আৰু ৰূপকোঁৱৰ আগৰৱালাদেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে সৰ্বানন্দ মহন্তই । ইয়াৰ পিছতে মইনা পাৰিজাত অনুষ্ঠানৰ শুভাৰম্ভণিৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা মুকলি সভাত সদৌ অসম মইনা পাৰিজাতৰ নগাঁও জিলাৰ উপ সভাপতি শৰৎ চন্দ্ৰ মহন্ত, সাধাৰণ সম্পাদক বিশ্বজিৎ কাকতি, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত, জাজৰি শতদল সাহিত্য সভাৰ সভাপতি নৰেন ডেকা, লোকশিল্পী মিলেশ্বৰ ডেকা, সংবাদিক ৰাহুল দেৱ বৰদলৈ, সমাজকৰ্মী ধৰ্ম কলিতাকে ধৰি বহু লোক উপস্থিত থাকে । গোষ্ঠীৰ সম্পাদক সীমান্ত বৰদলৈয়ে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত শাখা “কলাকাৰ” মইনা পাৰিজাত অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক অনন্ত বৰদলৈয়ে ৷