জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও চহৰৰ হয়ৱৰগাওঁস্থিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় জি.ডি হাস্পতাল এণ্ড ৰিৰ্ছাজ চেণ্টাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বন্ধ্যাত্ব-টেষ্ট টিউৱ বেবী পৰামৰ্শ কেন্দ্ৰৰ প্ৰতিষ্ঠান গুৱাহাটীস্থিত ‘INDRIA IVF’-এ আজি বিনামূলীয়া বন্ধ্যাত্ব-টেষ্ট টিউৱ বেবী পৰামৰ্শ শিবিৰ অনুষ্ঠিত কৰে৷ জি.ডি হাস্পতাল এণ্ড ৰিৰ্ছাজ চেণ্টাৰত অনুষ্ঠিত বিনামূলীয়া বন্ধ্যাত্ব আৰু টেষ্ট টিউৱ বেবী পৰামৰ্শ শিবিৰত ৯৬ গৰাকী দম্পতীয়ে অংশগ্ৰহণ কৰে৷ নগাঁৱত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা বিনামূলীয়া বন্ধ্যাত্ব আৰু টেষ্ট টিউৱ বেবী পৰামৰ্শ শিবিৰত ‘INDRIA IVF’ৰ মুখ্য চিকিৎসক ডা০ দিব্যজ্যোতি গোস্বামী আৰু জ্যেষ্ঠ স্ত্ৰী ৰোগ চিকিৎসক ডা০ ঈয়াণ চেলে৷ পৰামৰ্শ শিবিৰটোত উপস্থিত থাকি দম্পতীসকলক ডেমন্ষ্ট্ৰেচন দিয়াৰ লগতে কাউনচেলিং কৰি আগন্তুক দিনবোৰৰ বাবে অনুপ্ৰাণিত কৰে৷ বহু দম্পতীয়ে আজি বিবাহৰ ১২-১৫ বছৰৰ পিছতো সন্তানৰ মুখ দেখিবলৈ হাবিয়াস কৰি বহু চিকিৎসা পদ্ধতি অৱলম্বন কৰে যদিও সৰু সৰু কিছুমান চিকিৎসা বিজ্ঞানৰ পদ্ধতি অৱলম্বন নকৰাৰ বাবেই সেই দম্পতীসকলে দীৰ্ঘদিন ধৰি সন্তানৰ মুখ দেখাৰ পৰা বঞ্চিত হৈ থাকিব লগীয়া হোৱাত নগাঁৱৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় জি.ডি হাস্পতাল এণ্ড ৰিৰ্ছাজ চেণ্টাৰ আৰু INDRIA IVF-এ নগাঁও চহৰত প্ৰথমবাৰৰ বাবে পৰামৰ্শ শিবিৰটোৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে৷ ভৱিষ্যতে প্ৰতি মাহত এবাৰকৈ জি.ডি হাস্পতাল এণ্ড ৰিৰ্ছাজ চেণ্টাৰে পৰামৰ্শ শিবিৰ অনুষ্ঠিত কৰি নিসন্তান দম্পতীৰ মুখত হাঁহি বিৰিঙাই তোলাৰ বাবে জি.ডি হাস্পতালে উদ্যোগ ল’ব বুলিও জানিবলৈ দিয়ে৷ গুৱাহাটীস্থিত ‘INDRIA IVF’ কেন্দ্ৰৰ পৰা নগাঁও চহৰত পৰামৰ্শ শিবিৰ আয়োজন কৰি নিসন্তান দম্পতীৰ মুখলৈ আশাৰ ৰেঙণি কঢ়িয়াই অনাৰ যি বাট দেখুৱালে তাৰ বাবে উপস্থিত ৯৬ গৰাকী দম্পতীয়ে নগাঁৱৰ জি.ডি হাস্পতাল এণ্ড ৰিৰ্ছাজ চেণ্টাৰ হাস্পতাল কৰ্তৃপক্ষ আৰু INDRIA IVFৰ বিষয়ববীয়া সকলক শলাগ লয়৷