জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ উদ্যোগত মীন মহাবিদ্যালয় গ্ৰাম্য মীন কৰ্ম আঁচনি, ২০২২ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সৌজন্যত বুধবাৰে এটা মীন তথ্য কেন্দ্ৰ উদ্বোধন কৰা হয়৷ এই মৰ্মে, জামুগুৰি বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়৷ শিমলুগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ মীন বিশেষজ্ঞ ধীৰেন নাথে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত শিমলুগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° নিৰঞ্জন ডেকা, ৰহা মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক কাকলি কাশ্যপ আৰু কৰিস্মা মিলিয়ে সমবেত লোক সকলৰ সহায় হোৱাকৈ সংমিশ্ৰিত মীন পালনৰ প্ৰস্তুতি, কণী পৰা কুকুৰা পালনৰ প্ৰত্যক্ষ সমন্বিত পদ্ধতি, মাছৰ ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণৰ উপায়, পুখুৰীৰ প্ৰস্তুতি, চূণ আৰু সাৰ প্ৰয়োগ, মাছৰ খাদ্য, মাছৰ প্ৰজাতিৰ অনুপাত, পোণা মেলাৰ হাৰ, স্তৰ অনুযায়ী মাছৰ বিভাজন, পুখুৰীৰ পানীৰ গুণাগুণৰ ব্যৱস্থাপনা, পৰজীৱি আৰু অনুজীৱি জনিত ৰোগ, ভেঁকুৰজনিত ৰোগ, সমন্বিত মীন আৰু হাঁহ পালন, সমন্বিত ধান-মাছ পালনৰ প্ৰস্তুতি আৰু সমন্বিত মাছ আৰু গাহৰী পালনৰ প্ৰস্তুতি আদিৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে৷ ৰহা মীন মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰী অশ্লেষা স্ৰাৱৰ্ণীয়ে আঁত ধৰা অনুষ্ঠানটিত ৰহা মীন মহাবিদ্যালয়ত চতুৰ্থ বৰ্ষত অধ্যয়নৰত গুৱাহাটীৰ স্নেহা কে কলিতা, ধেমাজিৰ বিপাশা নন্দী, লখিমপুৰৰ সিদ্ধান্ত বৰুৱা, ছিক্কিমৰ অশ্বিন শৰ্মা আৰু বিহাৰৰ অশ্বিনি কুমাৰেও চমু বক্তব্য আগবঢ়াই৷ অনুষ্ঠানত বয়োজ্যেষ্ঠ গায়ন বীৰেন নাথ, সাংবাদিক প্ৰাঞ্জল বৰদলৈ, জংগম গোষ্ঠীৰ সভাপতি ভূৱন নাথ, সমাজকৰ্মী পোৱাল চন্দ্ৰ নাথ, শিক্ষক জ্যোতিপ্ৰসাদ বৰা, জ্যেষ্ঠ শিক্ষক দেৱেন নাথ, চম্পেশ্বৰ নাথ, উদ্যমী যুৱক বিজিত ডেকা, যুগল বৰদলৈ, দীজু নাথকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷