জয়ন্ত মুদৈ, বেবেজীয়াঃ কৈৱৰ্ত্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ঘাঁহী, মহমৰীয়া, দক্ষিণপাট, বালিগাঁও, হাতীগাওঁ, জাগীয়াল, ননৈ, তুলসীমুখ, ৰহা, বেবেজীয়া, ভাটিকুৰি, উজনিকুৰি, পেটবড়া আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ কৈৱৰ্ত্ত ৰাইজ তথা অনুসুচীত জাতি সংগ্ৰামী যুৱ পৰিষদ আৰু সদৌ অসময়া কৈৱৰ্ত্ত সন্মীলনী নগাঁও জিলা সমিতিৰ সহযোগত ঘাঁহী চাৰিআলিস্থিত ৰাজহুৱা ভৱনত দিনযোৰা কাৰ্যসূচীৰে মহাপুৰুষ শংকৰদেৱৰ একনিষ্ঠ সেৱক মহিয়সী নাৰী সতী ৰাধিকা আইৰ জন্ম জয়ন্তী উৎসৱ উদযাপন কৰা হয়৷ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰে নগাঁও জিলা কৈৱৰ্ত্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ সভাপতি ৰেৱকান্ত দাসে৷ শ্ৰদ্ধাঞ্জলী নিৱেদন শ্ৰদ্ধা নিৱেদন কৰে শিক্ষাবিদ টংকেশ্বৰ দাস, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডিম্বেশ্বৰ দাস, সমাজসেৱিকা নিৰলা দাস, অভ্যথৰ্না সমিতিৰ কাৰ্যকৰী সভানেত্ৰী ভদ্ৰা দাস আৰু সমাজসেৱিকা যোগপ্ৰভা দাস আদিয়ে৷ ইয়াৰ পিছতে স্থানীয় ৰাইজ আইসকল, যুৱক-যুৱতীৰ সকলৰ দ্বাৰা উলিওৱা হয় এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা৷ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হয় মুকলি সভা৷ সমাজসেৱক ঘনকান্ত দাসে সভাপতিত্ব কৰা মুকলি সভাখনি উদ্বোধন কৰে কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ কেন্দ্ৰীয় সভাপতি, বিশিষ্ট সাহিত্যিক সুতৰাম দাসে৷ সভাত কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ কেন্দ্ৰীয় নেতৃসকল কাৰ্যকৰী সভাপতি তিলক চন্দ্ৰ দাস, উপ-সভাপতি হেমন্ত কুমাৰ দাস, লক্ষীৰাম হাজৰিকা, প্ৰধান সম্পাদক জিতুল দাস, বিশিষ্ট কবি ৰূপালী দাস, অনুষ্ঠানটিৰ ডিব্ৰুগড় জিলাৰ সভানেত্রী সংগীতা ভড়ালী, সম্পাদক বাৰীন্দ্ৰ দাস, শ্ৰীশ্ৰীকোবাইকটা সত্রৰ পৰিচালনা সমিতিৰ সভাপতি যামিনী চন্দ্ৰ দাসকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকি মহীয়সী মহিলা সতী ৰাধিকা আইক স্মৰণ কৰি সতী ৰাধিকাৰ জীৱন দৰ্শনৰ বহু নজনা কথাৰ বিষয়ে সভাত আলোকপাত কৰে৷ সভাত অসমৰ গণশিল্পী সূৰ্য্য দাসে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক স্মৰণ কৰি বৰ্তমান সমাজত অসমৰ গাঁৱেভূঞে নিৰ্মাণ হোবা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি সমূহক লৈ চিন্তিত বুলি নিজৰ ক্ষোভ উজাৰি কয় যে ভুপেন দাৰ মাতত চকুলো সৰে৷ ভুপেন দাৰ মাতত হাহি বিৰিঙে৷ ভুপেন দাৰ মাতত মৌ বৰষে৷ গতিকে ভূপেন দাৰ প্ৰতিমূৰ্তি সমূহ নিৰ্মাণ কৰোতে আমি সদায় সজাগ সচেতন হৈ নিৰ্মাণ কৰিব লাগে৷ বহু ঠাইত নিৰ্মাণ হোবা ভূপেন দাৰ প্ৰতিমূৰ্তি সমূহ দেখিলে আমাৰ মনত দুখ লাগে৷ আমাৰ বেজাৰ লাগে৷ এইজনেই আমাৰ প্ৰকৃত ভূপেন দা আছিল জানো৷ লগতে তেওঁ আৰু কয় যে আমি গানবাজনা কৰিলেই নহব আমি আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব৷ সতী ৰাধিকাৰ জীৱন দৰ্শনৰ লগত ৰজিতা খোৱাই তেওঁ লগতে কয় নাৰীয়ে মোৰ অসম খনক জীয়াই ৰাখিব লাগিব ৷ মোৰ দেশখনক জীয়াই ৰাখিব লাগিব আজিৰ নাৰী সমাজে৷ নাৰীয়েই আজিৰ স্বামী সকলক পৰিৰ্ৱতন আনিব লাগিব৷ সভাত “বৰ্তমান নাৰী সমাজত সতী ৰাধিকাৰ প্ৰাসংগিকতা” শীৰ্ষক বিষয়ৰ ওপৰত নিৰ্দ্দিষ্ট বক্তাৰ ভাষন আগবঢ়াই নগাঁও জিলা জনসংখ্যা সমাধান সমিতিৰ জিলা সংৰক্ষক ৰঞ্জনা দাসে। এই অনুষ্ঠানতে ৰাহুল দেৱ বৰদলৈৰ সম্পদনাত প্ৰকাশিত জিলা কৈৱৰ্ত্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ বাৰ্ষিক মুখপত্র “ৰাধিকা” উন্মোচন কৰে সমাজসেৱক ঘনকান্ত দাসৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তি সকলে৷ সন্ধ্যা বন্তি প্ৰজ্বলনৰ পিছতে স্থানীয়ভাৱে বিভিন্ন লোকসংগীতৰ মনোমোহা সমাহাৰেৰে অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান৷