জয়ন্ত মুদৈ, বেবেজীয়াঃ মহাপুৰুষ শংকৰদেৱৰ একনিষ্ঠ সেৱক মহিয়সী নাৰী সতী ৰাধিকা আইৰ জন্মোৎসৱটি ১৬ মে’ত কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত তথা বৃহত্তৰ ঘাঁহী-দক্ষিণপাট অঞ্চলৰ কৈৱৰ্ত ৰাইজৰ আতিথ্যত আৰু নগাঁও জিলা সদৌ কৈৱৰ্ত সন্মীলনী, অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সহযোগত ঘাঁহী চাৰিআলিস্থিত ৰাজহুৱা ভৱন প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে৷ জিলা সমিতিৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে জনোৱা মতে সেই দিনা পুৱা ৮ বজাত নগাঁও জিলাৰ সভাপতি ৰেৱকান্ত দাসে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শোভাৰম্ভ কৰাৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু এটি সাংস্কৃতিক শোভাযাত্রা উলিওৱা হ’ব৷ ১১ বজাৰ পৰা অভ্যৰ্থনা সমিতিৰ সভাপতি ঘন দাসৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ’ব৷ কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, বিশিষ্ট সাহিত্যিক সুতৰাম দাসে উদ্বোধন কৰিবলগীয়া মুকলি সভাত অসম চৰকাৰৰ জলসম্পদ মন্ত্রী পিয়ুষ হাজৰিকা, নগাঁও সদৰ বিধান সভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহাৰ বিধায়ক শশীকান্ত দাস, কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি তিলক চন্দ্ৰ দাস, উপ সভাপতি হেমন্ত কুমাৰ দাস, লক্ষীৰাম হাজৰিকা, প্ৰধান সম্পাদক জিতুল দাস, বিশিষ্ট কবি ৰূপালী দাস, অনুষ্ঠানটিৰ ডিব্ৰুগড় জিলাৰ সভানেত্রী সংগীতা ভড়ালী, সম্পাদক বাৰীন্দ্ৰ দাস, শ্ৰী শ্ৰী কোবাইকটা সত্রৰ পৰিচালনা সমিতিৰ সভাপতি যামিনী চন্দ্ৰ দাসকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। সভাত “বৰ্তমান নাৰী সমাজত সতী ৰাধিকাৰ প্ৰাসংগিকতা” শীৰ্ষক বিষয়ৰ ওপৰত নিৰ্দ্দিষ্ট বক্তাৰ ভাষন ৰাখিব নগাঁও জিলা জনসংখ্যা সমাধান সমিতিৰ জিলা সংৰক্ষক ৰঞ্জনা দাসে। এই সভাতে ৰাহুল দেৱ বৰদলৈৰ সম্পাদনাত প্ৰকাশিত নগাঁও জিলা কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ বাৰ্ষিক মুখপত্র “ৰাধিকা” উন্মোচন কৰিব ৰহা আৰু ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সন্তুোষ কুমাৰ নাথে। সন্ধ্যা বন্তি প্ৰজ্বলনৰ অন্তত বিভিন্ন লোক সংগীতৰ মনোমোহা সমাহাৰেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷