নগাঁওঃ অসমৰ অগ্ৰণী চলচ্চিত্ৰ প্ৰযোজনা প্ৰতিষ্ঠা “জুৰিখ প্ৰডাকচন”ৰ উদ্যোগত তথা নগাঁও জিলাৰ ক্ৰীড়া বিষয়া আৰু স্বেচ্ছাসেৱী সংগঠন দ্ৰোণাচাৰ্যৰ সহযোগত প্ৰথমবাৰৰ বাবে গ্ৰামাঞ্চলৰ ক্ৰিকেট অনুৰাগীৰ সুবিধাৰ্থে এক তিনিদিনীয়া ক্ৰিকেট কৰ্মশালাৰ আয়োজন কৰা হৈছে । চেলিব্ৰেটি ক্ৰিকেট লীগৰ অন্তৰ্ভুক্ত বনি কাপুৰৰ মালিকাধীন “বেংগল ট্ৰাইগাৰৰ” মুখ্য প্ৰশিক্ষক সুশীল শিকাৰীয়াৰ প্ৰত্যক্ষ পৰিচালনাত এই কৰ্মশালাখনি অহা ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতিকাষৰীয়া কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব বুলি জুৰিখ প্ৰডাকচনৰ স্বত্বাধিকাৰী বুন বৰাই জানিবলৈ দিছে । প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’বলগীয়া উক্ত কৰ্মশালাত ১২ বছৰৰ ওপৰৰ সকলো যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব । কৰ্মশালাৰ অন্তত সকলোকে একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষকৰ দৃষ্টিত প্ৰতিভাবান গৰাকীক খেলৰ বাবে সুযোগ প্ৰদান কৰা হ’ব ৷ কৰ্মশালাৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে ৯৬৭৮৯-৮৯৩৩৯ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷