February 6, 2023, 9:26 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি নগাঁও-মৰিগাঁৱৰ সীমান্তৱৰ্তী কহুঁৱাআটীত আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাৰোহ সম্পন্ন মিছন বসুন্ধৰা আঁচনিৰ আবেদনৰ অন্তিম দিন ৩১ মাৰ্চলৈ বৃদ্ধি নগাঁৱৰ হিন্দু মিলন মন্দিৰত মাঘী পূৰ্ণিমা উদযাপন হিমালয়ৰ পাদদেশ আছে বিপদজনক অৱস্থাতঃ তুৰস্কৰ ভূমিকম্পত ২০০ জনৰ প্ৰাণহানি ইটোৰ পিছত সিটো বিৰ্তকই লগ এৰা নাই এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰক কাছাৰত চাঞ্চল্যকৰ ঘটনাঃ প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ’ব নোৱাৰাৰ আশংকাত চৰম সিদ্ধান্ত ১৬ বছৰীয়া মাহমুদা বেগমৰ দেশৰ ১০ জন ধনী সাংসদৰ তালিকাত আজমলঃ ১০ বছৰত ৪৮ কোটি টকাৰ সম্পত্তি বৃদ্ধি মাৰ্কিন আকাশত ধ্বংস হ’ল চীনৰ সন্দেহজনক ‘স্পাই বেলুন আৰক্ষীৰ অভিযান চলি আছেঃ শহুৰেকৰ ঘৰতে আত্মহত্যাৰ চেষ্টা ১৮ বছৰীয়া অংকুৰৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেহাৱসান

নগাঁৱৰ কাছমাৰীত সন্ধানহীন দুই সন্তানৰ পিতৃ

Reporter Name
  • Update Time : Tuesday, September 22, 2020
  • 71 Time View

বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া কাছমাৰী নিবাসী প্ৰেম নাথ (৪৬) নামৰ লোকজন দুদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই স্থানীয় অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, দুই সন্তানৰ পিতৃ প্ৰেম নাথ সোমবাৰে পুৱাৰ ভাগত ঘৰৰ কিছু নিলগৰ চকলাঘাটৰ টুকুৰাবাহীত থকা শহুৰৰ ঘৰ অভিমুখে যোৱাৰ পিছৰে পৰা আশ্চৰ্যজনকভাবে সন্ধানহীন হৈ পৰে৷

কৃষিকৰ্মৰে পৰিয়াল পোহপাল দিয়া অতি সৎ আৰু অমায়িক স্বভাবৰ লোকজন এনেদৰে হঠাতে নিখোজ হৈ পৰাত ঘৰত হুৱাদুৱা লাগে আৰু পৰিয়ালৰ লোকে শহুৰৰ পৰিয়াল আৰু আত্মীয়-স্বজনৰ ঘৰৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও কোনো শুংসূত্ৰ নোপোৱাত চৰম দুঃশ্চিন্তাত পৰি আজি নগাঁও সদৰ থানাত নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে৷

ইতিমধ্যে আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত এটি গোচৰ ৰুজু কৰি নিৰুদ্দিষ্ট লোকজনৰ সন্ধানত নামি পৰিছে যদিও কোনো সম্ভেদ বাহিৰ কৰিবলৈ সক্ষম নোহোৱাত লোকজনৰ পত্নী আৰু দুই সন্তানসহিতে পৰিয়ালৰ লোকসকল এতিয়া মানসিকভাবে ভাগি পৰিছে ৷ সেয়ে কোনো সদাশয় লোকে লোকজনৰ যদি কোনো সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা ৯৯৫৭৯-৫৯৫৮৭ নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে