March 28, 2023, 6:24 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নগাঁৱত স্বাস্থ্য বিভাগৰ চৰম গাফিলতি, ২৭ ঘণ্টাৰ মূৰকত চিকিৎসালয়লৈ নিলে ক’ৰোনা আক্ৰান্তক

Reporter Name
  • Update Time : Saturday, July 4, 2020
  • 183 Time View

জয়ন্ত মুদৈ, বেবেজীয়াঃ ৰাজ্যত ক’ৰোনা প্ৰতিৰোধৰ বাবে চৰকাৰ তৎপৰ হৈ পৰাৰ সময়তে ক’ৰোনা পজিটিভ ধৰা পৰা এজন লোকৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে চৰম অৱজ্ঞা প্ৰদৰ্শন কৰাৰ দৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ বেবেজীয়াত।

আনকি স্বাস্থ্য বিভাগৰ পৰা ক’ৰোনাত আক্ৰান্ত বুলি খবৰ দিয়াৰ সম্পূৰ্ণ ২৭ ঘন্টাৰ পিছতহে আক্ৰান্ত লোকজনক স্বাস্থ্য বিভাগে চিকিৎসালয়লৈ নি দায়িত্বহীনতাৰ পৰিচয় দিলে তাক লৈ এতিয়া ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

জানিব পৰা মতে, বেবেজীয়াৰ জলময়ী গাঁৱৰ অসম আৰক্ষীৰ বেটেলিয়নত কৰ্মৰত প্ৰেমেশ্বৰ বৰদলৈ (৫২) যোৱা ২০ জুনত কাৰ্বিআংলং জিলাৰ মিচিং বাইলঙৰ পৰা নিজ গৃহলৈ আহি স্বাস্থ্য বিভাগৰ নিয়ম মানি হোম কোৱাৰেন্টাইনত আছিল।

ইয়াৰ মাজতে যোৱা ২৩ জুনত তেওঁৰ স্বাৱ সংগ্ৰহ কৰি স্বাস্থ্য বিভাগে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। এনেদৰে হোম কোৱাৰেণ্টাইনত থকা অৱস্থাতে কালি পুৱা ৯ বাজি ৩০ মিনিটত স্বাৱ পৰীক্ষাৰ ফলাফলত কোৱিড-১৯ পজিটিভ অহা বুলি বিভাগীয় জনোৱাৰ লগতে স্বাস্থ্য বিভাগৰ লোক গৈ তেওঁক ঘৰৰ পৰা চিকিৎসালয়লৈ লৈ যাব বুলি অৱগত কৰে৷

সেয়ে ক’ৰোনাত আক্ৰান্ত লোকজনে সেই খবৰ পোৱাৰ পিছতে চিকিৎসালয়লৈ যাবৰ বাবে সাজু হৈ থাকে যদিও স্বাস্থ্য বিভাগৰ দলহে সময়মতে উপস্থিত নোহোৱাত লোকজনৰ লগতে সমগ্ৰ পৰিয়ালটো উদ্বিগ্নতাৰে সময় অতিবাহীত কৰিবলগীয়াত পৰে৷

ইয়াৰ মাজতে লোকজনৰ পৰিয়ালৰ লোকে বহুবাৰ স্বাস্থ্য বিভাগৰ হেল্প লাইন নম্বৰত যোগাযোগ কৰে যদিও প্ৰতিবাৰেই ৰোগী অনা গাড়ী নথকাকে ধৰি নানা অজুহাত দেখুৱাই জিলা প্ৰশাসনৰ গালৈ দোষ থেলি দি সোনকালেই গাড়ী পঠাই দিয়াৰ কথাহে কয়৷

কিন্তু এনেদৰে চৰম দায়িত্বহীনতাৰ পৰিচয় দি ক’ৰোনা আক্ৰান্ত লোকজনক নিবলৈ নাহি লোকজনৰ লগতে তেওঁৰ পৰিয়াল তথা প্ৰতিবেশী লোকসকলক উজাগৰি নিশা কটাবলৈ বাধ্য কৰি আজি দুপৰীয়া ১২ বাজি ৩০ মিনিটতহে স্বাস্থ্য বিভাগৰ দল আহি লোকজনক চিকিৎসালয়লৈ লৈ যায়৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে