March 16, 2023, 12:09 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নগাঁৱত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ শতবর্ষ উদযাপনৰ প্ৰস্তুতি

Reporter Name
  • Update Time : Sunday, April 3, 2022
  • 109 Time View

জয়ন্ত মুদৈ, বেবেজীয়াঃ উত্তৰ-পূৱ ভাৰতৰ সৰ্ব্ববৃহৎ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাই আৰু কেইটামান বৰ্ষৰ পাছতে শতবৰ্ষ অতিক্ৰম কৰিব। বিগত ৯১ সংখ্যক বাৰ্ষিক প্রতিনিধি সভাৰ প্ৰস্তাৱ আৰু প্রতিনিধি সভাই গঠন কৰা আহ্বায়ক সমিতিৰ সিদ্ধান্ত মৰ্মে দেওবাৰে জিলা শাখাৰ সভাগৃহত এখন ৰাজহুৱা সাধাৰণ সভা অনুষ্ঠিত কৰা হয়৷ নগাঁও জিলা শাখাৰ সভাপতি জ্যোতিপ্ৰসাদ ভূঞাই সভাপতিত্ব কৰা সভাখনিত জিলা শাখাৰ বিষয়ববীয়া, পদেন সদস্য, জিলা শাখাৰ প্ৰাক্তন বিষয়ববীয়া-সদস্য, আঞ্চলিক শাখাৰ বিষয়ববীয়া-সদস্য, প্ৰাথমিক শাখাৰ বিষয়ববীয়া-সদস্য সকল উপস্থিত থাকে৷ সভাত সৰ্ব্বসন্মতি ক্ৰমে আগন্তক ২০২৯ বৰ্ষত জিলা শাখাৰ শতবৰ্ষ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উক্ত সভাতে জিলা সমিতিৰ অন্তৰ্গত ১৯খন আঞ্চলিক শাখাৰ প্ৰতিখন প্রাথমিক শাখাৰ সভাপতি-সম্পাদক আৰু সংগী-ভকতসকলৰ উপস্থিতিত শতবর্ষ উদযাপনৰ বাবে প্ৰাৰম্ভিক প্রস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়৷ জিলা শাখাৰ সম্পাদক তোষেশ্বৰ বৰাই আতঁ ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই আগন্তুক ২০২৯ বৰ্ষত অনুষ্ঠিত হব লগীয়া জিলা শাখাৰ শতবৰ্ষ উদযাপনৰ অনুষ্ঠানটি সাফল্য মণ্ডিত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাই ৷ সভাত সংঘৰ মূলৰ সদস্য নলিনী বৰা, প্ৰফুল্ল চন্দ্ৰ বৰা, ৰাণা প্ৰকাশ বৰা, হৰিদাস ৰাজকুমাৰ, চেনাৰাম বৰা, খগেশ্বৰ বৰা, মমতা বৰকাকতিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে নিজৰ বক্তব্য ৰাখি অনুষ্ঠানটি সাফল্যমণ্ডতি কৰাত মতপোষণ কৰে৷ উল্লেখ্য যে, এই সভাতে প্ৰফুল্ল চন্দ্ৰ বৰাক মুখ্য উপদেষ্টা, ৰাণা প্ৰকাশ বৰাক সভাপতি, হৰিদাস ৰাজকুমাৰক কাৰ্যকৰী সভাপতি আৰু নলিনী বৰাক সম্পাদক হিছাপে লৈ এখনি প্ৰস্তুতি সমিতি গঠন কৰা হয়৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে