নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অসাধু চক্ৰই অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছৰ বেহা ৷ ঘাইকৈ জিলাখনৰ উত্তৰ-পশ্চিম প্ৰান্তৰ গ্ৰামাঞ্চলত সৱল নেটৱৰ্ক গঠনেৰে অসাধু চক্ৰটোয়ে আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ ইয়াৰ মাজতে জিলাখনৰ জুৰীয়া আৰক্ষী থানাৰ এলেকাধীন বলিকটীয়াত আৰক্ষীৰ জালত পৰে নিষিদ্ধ ড্ৰাগছসহ এহাল দম্পতী ৷ দম্পতীহাল হৈছে বলিকটীয়াৰ ছাইফুল ইছলাম আৰু গুল নেহাৰ ৷ আচলতে, জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচনিয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই কৰায়ত্ত কৰে ড্ৰাগছ সৰবৰাহকাৰী গভাইত দুই স্বামী-স্ত্ৰী ৷ ধৃত সৰবৰাহকাৰীৰ দম্পতীৰ পৰা আৰক্ষীয়ে তিনিটা চাবোনৰ বাকচ থকা ৩৯.৭ গ্ৰাম নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দুই স্বামী-স্ত্ৰীয়ে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বুলি জানিব পৰা গৈছে ৷