বেবেজীয়াঃ নগাঁও জিলা শিশু শ্ৰমিক প্ৰকল্প সমিতিৰ উদ্যোগত আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ব্যৱস্থাপনাত তথা স্বেচ্ছাসেৱী অনুষ্ঠান সৰ্বাংগী ট্ৰাষ্ট, উদালী ৰুৰেল ডেভেলপমেণ্ট এচ’ছিয়েছন, অসম ৰাজ্যিক কৃষক সমন্বয় সমিতি, আদৰ্শ সমাজ কল্যাণ সমিতি, সোনালী উদ্যোগ সমিতি আৰু গ্ৰাম্য উন্নয়ন সংন্থাৰ সহযোগত দেওবাৰে নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোডী ভৱনত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন কৰা হয়৷ উল্লেখ্য যে, ২০০৬ চনৰ পৰা বৰ্তমানলৈকে নগাঁও জিলা শিশু শ্ৰমিক প্ৰকল্প সমিতিৰ অধীনত বে-চৰকাৰী অনুষ্ঠান সমূহৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি শিশু শ্ৰমিকসকলৰ কল্যাণৰ বাবে কাম কৰি অহা পৰিপ্ৰেক্ষিতত এই দিৱসটি উদযাপনৰ তাৎপৰ্য গুৰুত্বপূৰ্ণ৷ সেই উদ্দেশ্য পুৱাৰ ভাগত সমূহীয়া চাফাই অভিযানৰে দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে সমূহীয়া গছপুলি ৰোপণৰ কাৰ্যসূচী মুকলি কৰে অৱসৰপ্ৰাপ্ত সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰেমেশ্বৰ দাসে৷ ইয়াৰ পিছতে শোভাযাত্ৰা আৰু বাটৰ নাট প্ৰদৰ্শনীৰ উদ্বোধন কৰে নগাঁৱৰ অতিৰক্ত উপায়ুক্ত দেৱাহুতি বৰাই৷ দুপৰীয়া বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত শিশু শ্ৰমিকসকলৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু শিশু শ্ৰমিক প্ৰতিৰোধ সম্পৰ্কীয় বক্তৃতা প্ৰদান অনুষ্ঠানৰ মুকলি কৰে জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলী আৰ্য্যই৷ ইফালে, বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাখনিত বন্তি প্ৰজ্বলনেৰে মুকলি কৰে নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱাই৷ মুকলি সভাত সভাপতিত্ব কৰে নগাঁও জিলা শিশু শ্ৰমিক প্ৰকল্প সমিতিৰ প্ৰাক্তন প্ৰকল্প সঞ্চালক প্ৰেমেশ্বৰ দাসে৷ মুকলি সভাত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত কলংপাৰৰ সম্পাদক ভৱেন বৰা, নগাঁৱৰ প্ৰকল্প সঞ্চালক কনক কছাৰী, ক্ৰীড়া সংগঠক শশীন্দ্ৰ দেৱ মহন্ত, সমাজসেৱক বিৰেন দাসকে ধৰি নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ মহিলাসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতৰে আৰম্ভ হোৱা সভাত সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই প্ৰদান কৰা আদৰণি ভাষণত বৰ্তমান সমাজত ব্যৱস্থাত চলি থকা শিশু শ্ৰমিকৰ ওপৰত বহু গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে।