জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ উদমাৰী বালুগুটীয়া নিউ মাৰ্কেটত যোৱা নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মিভূত হোৱাৰ বিপৰীতে প্ৰায় দহ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়৷ প্ৰাপ্ত খবৰ মতে, বালুগুটীয়া নিউ মাৰ্কেটত থকা জোনাইদুৰ ৰহমানৰ পঞ্জাৱ নেচনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ আৰু মোশ্বাৰফ হুছেইনৰ মাচুম লেডিচ টেইলাৰৰ লগতে আন এখন কাপোৰৰ দোকানত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইৰ লেলিহান শিখাই নিমিষতে ব্যৱসায়িক প্ৰতিষ্ঠানকেইখন আগুৰি ধৰে আৰু তাত থকা কাপোৰ, বেংকৰ নথি-পত্ৰ, বিভিন্ন সামগ্ৰী, আচবাব জুইত ভস্মীভূত হয়৷ ঘটনাৰ আকস্মিকতাত সমগ্ৰ অঞ্চলটোত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় আৰু বহুলোক সমবেত হৈ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে৷ পিছত ধিং আৰু নগাঁও চহৰৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীৰ লোকে স্থানীয় ৰাইজৰ সহযোগত বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়৷ অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ অদ্যপি পোহৰলৈ অহা নাই যদিও স্থানীয় লোকে শ্ব’ৰ্ট ছাৰ্কিটৰ ফলতেই এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে৷