বেবেজীয়াঃ দেশৰ বিভিন্ন প্ৰান্তত কেন্দ্ৰীয় চৰকাৰে লোকসভাত গৃহীত কৰা তিনিখন কৃষি বিষয়ক বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ কৃষ্ণাইখাটত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই তিনিখন বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ কৃষি বিধেয়কৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷ বিতৰ্কিত কৃষি বিধেয়ক লোকসভাত গৃহীত কৰাত ক্ষোভ প্ৰকাশ কৰি কৃষক মুক্তিয়ে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ কৃষক বিৰোধী বুলি কয়। চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি কৃষকক উপযুক্ত সন্মান প্ৰদানৰ দাবী জনায়৷ অন্যথা জংগী আন্দোলনৰ ভাবুকি কৰে প্ৰতিবাদকাৰীসকলে৷