জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ ধিঙৰ ১ নং লাংগিয়াৰ উধানতলা গাঁৱত দিন দুপৰতে এজন লোকক গুলীয়াই হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দুৰ্বৃত্তৰ গুলীচালনাত থিতাতে নিহত হয় লাংগিয়াৰ নবী হুছেইন নামৰ লোকজন। আনাৰুল ইছলাম নামৰ দুৰ্বৃত্তই নিজ পিষ্টলেৰে গুলীয়াই নিহত কৰে লোকজনক৷ কণমানি পুত্ৰৰ সন্মুখতে শূন্য দুৰত্বৰ পৰা পিষ্টলেৰে গুলীয়াই হত্যা কৰে লোকজনক।
ঘটনা সংঘটিত কৰি পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে৷ দুৰ্বৃত্তৰ দলটোৰ আন দুজন দিলদাৰ হুছেইন আৰু গুলজাৰ হুছেইন বুলি চিনাক্ত কৰিছে ৰাইজে৷ ঘটনাক কেন্দ্ৰ কৰি স্থানীয় অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত ডুমডুমীয়া আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। পিছত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে নগাঁৱলৈ৷ আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে৷ কেইদিনমানৰ পূৰ্বে এই দুৰ্বৃত্তৰ দলটোৱে ইক্ৰামুল হুছেইন আন এজন লোকক গুলীয়াই গুৰুতৰ ভাৱে আহত কৰে। আৰক্ষীৰ নিলিৰ্প্ততাক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।