জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ এলেকাধীন ধিং-মৈৰাবাৰী সংযোগী গড়কাপ্তানী পথৰ ধিং আঠগাঁৱত আজি দুপৰীয়া সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ বিপৰীতে আন এজন গুৰুত্বৰভাবে আহত হয়৷ নিহত বাইক আৰোহী যুবকজন হৈছে মৰিগাঁৱৰ লাহৰীঘাটৰ নাজিৰুল ইছলাম৷ আনহাতে, আহত আন গৰাকী বাইক আৰোহী হৈছে লাহৰীঘাটৰে আজিজুল হক ৷ প্ৰাপ্ত খবৰ মতে, দুই বাইক আৰোহীয়ে জুৰিয়াত আয়োজিত এখন ইছলামিক ধৰ্মীয় সভালৈ গৈ থকা অৱস্থাত এ এছ-০২-চি চি ৭৭৩৪ নম্বৰৰ এখন মাটি কঢ়িয়াই আনি থকা ডাম্পাৰে তীব্ৰ বেগেৰে মহতিয়াই নিয়াত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়৷ ফলত বাইক আৰোহী নাজিৰুল ইছলামৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে আজিজুল হক গুৰুত্বৰভাবে আঘাতপ্ৰাপ্ত হয়৷ পিছত ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ নিহত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ আহত যুৱকজনক সংকটজনক অৱস্থাত ধিং এফ আৰ ইউত ভৰ্তি কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে যুৱকজনক চিকিৎসকে নগাঁৱলৈ প্ৰেৰণ কৰে৷ ইফালে, ঘাটকৰূপী ডাম্পাৰখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে চালকজনক আটক কৰিছে বুলি জানিব পৰা গৈছে৷