জয়ন্ত মুদৈ, বেবেজীয়াঃ অসমীয়া সমাজত এষাৰি আপ্তবাক্য শুনিবলৈ পোৱা যায় ‘এশ গৰু মাৰিলে বাঘৰো মৰণ’৷ আপ্তবাক্যশাৰীক প্ৰমাণিত হ’ল নগাঁও জিলাৰ ধিঙত৷ দীৰ্ঘদিন ধৰি চুৰিকাৰ্যৰে গঞাৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা দুই গভাইত চোৰ অৱশেষত আটক হ’ল ৰাইজৰ হাতত৷ ধৃত চোৰ দুটা হৈছে ধিং আৰক্ষী থানাৰ এলেকাধীন বৰভেটিৰ হাৰিজ উদ্দিনৰ পুত্ৰ ছাদ্দাম হুছেইন আৰু মন্নাছ আলীৰ পুত্ৰ ওমৰ ফাৰুক৷ আচলতে চুৰি কৰা সামগ্ৰী বিক্ৰী কৰিবলৈ আহি এই চোৰ দুই ৰাইজৰ হাতত কৰায়ত্ত হয়৷ জানিব পৰা মতে, চোৰ দুটাই পূৰ্বে চুৰি কৰা এটা পানী তোলা মটৰ বৰভেটিৰে এজন লোকক বিক্ৰি কৰাৰ উদ্দেশ্যে বন্দোবস্তি কৰি থকা অৱস্থাতে স্থানীয় ৰাইজে গাঁওৰক্ষী বাহিনীৰ লোকৰ সহযোগত হাতে-লুতে চোৰ দুটাক আটক কৰিবলৈ সক্ষম৷ ৰাইজে চোৰ দুটাক উত্তম-মধ্যম শোধোৱাত চুুৰিকাৰ্যৰ কথা স্বীকাৰ কৰাত পিছত ৰাইজে চোৰ দুটা ধিং আৰক্ষীক চমজাই দিয়ে৷ উল্লেখ্য যে, ধৃত চোৰ দুটাই বিগত সময়ছোৱাত স্থানীয় অঞ্চলত সঘনে চুৰি কাৰ্য সংঘটিত কৰি আহিছিল৷ কেতিয়াবা বিদ্যালয়ৰ পানী তোলা মটৰ, কেতিয়াবা খেতি পথাৰৰ মেচিন আদিৰ সমান্তৰালকৈ গৃহস্থৰ ঘৰৰ পৰাও বিভিন্ন সামগ্ৰী চুৰি কৰি একপ্ৰকাৰে ৰাইজৰ মাজত আতংকৰ ছাঁপ বিয়পাই আহিছিল৷