বেবেজীয়াঃ সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাই সোমবাৰে কৃষিজীৱী আৰু গ্ৰামীণ শ্ৰমজীৱী ৰাইজৰ জীৱন, জীৱিকা আৰু জীয়াই থকাৰ অধিকাৰৰ দাবীত দেশজুৰি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ দেশৰ ববভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাই সোমবাৰে কৃষিজীৱী আৰু গ্ৰামীণ শ্ৰমজীৱী ৰাইজৰ জীৱন, জীৱিকা আৰু জীয়াই থকাৰ অধিকাৰৰ দাবীত দেশজুৰি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ অবিভক্ত নগাঁও জিলাটো ৰূপায়ণ কৰা হয় ধৰ্ণা৷
সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ লগতে মাইক্ৰ’ফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ সহযোগী সংগঠন, সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, গণ জাগৰণ উন্নয়ণ সমিতি, সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি, কৃষক গৰীৱ ন্যায় সন্থা, অসম, নগাঁৱৰ ধিং আঞ্চলিক দুৰ্নীতি বিৰোধী সংগ্ৰাম সমিতি, হোজাইৰ কাকী আঞ্চলিক যৌথ প্ৰতিবাদী মহিলা মঞ্চ আদি সংগঠন সমূহৰ যৌথ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷
প্ৰতিবাদকাৰীসকলে পৃথকে পৃথকে জিলাখনৰ দলংঘাট, জুৰীয়া আৰু ৰহা উন্নয়ণ খণ্ডৰ কাৰ্যালয়, বৰভেটি পঞ্চায়ত, মাগুৰগাওঁ পঞ্চায়ত, কাকী পঞ্চায়ত, বেবেজীয়া-ডিমৌ-বাংঠাই পঞ্চায়ত, জৰাবাৰী বৰঘাট পঞ্চায়ত, ধিং চক্ৰ বিষয়া কাৰ্যালয় আদিত ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰীলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সমিতিৰ সভাপতি শুভ্ৰজ্যোতি বৰ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত মাইক্ৰফাইনেন্সকে ধৰি সকলো ক্ষুদ্ৰ ঋণ ৰেহাই ঘোষণা কৰা, ৰেচনত দাইল, মিঠাতেল, চেনী, কণী আৰু গাখীৰ অন্তৰ্ভুক্ত কৰা, লকডাউন সময়ছোৱাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিটো পৰিয়ালৰ বিদ্যুত মাচুল ৰেহাই দিয়া, অৰুণোদয় আঁচনিত ৰাজ্যৰ ১৭ লাখ পৰিয়ালৰ পৰিৱৰ্তে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ৫৮ লাখ পৰিয়ালক অন্তৰ্ভুক্ত কৰা আৰু ৮৫৩ টকাৰ সলনি ৭ হেজাৰ টকাকৈ নিৰ্দ্ধাৰণ কৰাৰ দাবী জনোৱাৰ লগতে অৰুণোদয় আচঁনিৰ প্ৰ-পত্ৰ ৰাজহুৱা কৰাৰো দাবী উত্থাপন কৰা হৈছে৷
তদুপৰি সোমবাৰৰ পৰা অনুস্থিত হোৱা অসম চৰকাৰৰ বাজেট অধিবেশনত এই প্ৰস্তাৱ সমূহ গ্ৰহণ কৰাৰ দাবী জনোৱাৰ কথা স্মাৰক পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰি দাবীসমূহ তাৎক্ষণিকভাৱে সমাধান নকৰিলে এই সংগ্ৰামে আৰু তীব্ৰ ৰূপ ধাৰণ কৰিব বুলি সকিয়াই দিছে ৷ অবিভক্ত নগাওঁ জিলাত সমূহ কাৰ্যসূচী গ্ৰামীণ শ্ৰমিক সন্থাৰ নেত্ৰী আয়েফা বেগম, স্বপন হাজৰিকা, মাধৱ বৰা, ববী দেৱী, চম্পা দেউৰী, মুস্তাফা চেলিম আহমেদ,পৱন ৰাজখোৱা, মহিদুৰ ৰহমান আৰু খগেশ্বৰ বৰাই পৰিচালনাত ৰূপায়ণ কৰা হয়৷