March 25, 2023, 2:20 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নগাঁৱত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৮৫২ লৈ, গুৱাহাটী-নগাঁৱৰ মাজত অহা-যোৱাত বাধা

Reporter Name
  • Update Time : Tuesday, July 7, 2020
  • 121 Time View

বেবেজীয়াঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো দ্ৰুত গতিত বৃদ্ধি পাই আহিছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। অনুৰূপ মঙলবাৰেও জিলাখনত পুনৰ নতুনকৈ ১৮ জন লোক কৰ’নাত আক্রান্ত হৈছে। ফলত জিলাখনত ইয়াৰ সংখ্যা সংখ্যা ৮৫২ জনলৈ বৃদ্ধি পালে ।

উল্লেখ্য, জিলাখনত ইতিমধ্যে ট্ৰেভেল হিষ্ট্ৰী নথকা দুকুৰিৰো অধিক লোক কৰ’নাত আক্রান্ত হোৱাৰ খবৰে জিলাবাসীক শংকিত কৰি ৰখাৰ সময়তে মঙলবাৰে পুনৰ ট্ৰেভেল হিষ্ট্ৰী নথকা নগাঁও চহৰৰ সমীপৰ চকীটুপৰ পিতা-পুত্ৰ ক্ৰমে গোবিন চন্দ্ৰ নাথ(৬২)আৰু ত্ৰিদীপ চন্দ্ৰ নাথ(৩২)ৰ লগতে আৰক্ষীৰ জোৱান আতাউৰ ৰহমান কৰ’নাত আক্ৰান্ত হোৱাটোয়ে জিলাবাসীক অধিক আতংকিত কৰি তুলিছে। জানিব পৰা মতে, নতুনকৈ ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰা আতাউৰ ৰহমান নামৰ আৰক্ষীৰ এই জোৱানজন কঠিয়াতলীৰ কোৱাৰেন্টাইন চেন্টাৰৰ কৰ্তব্যত নিয়োজিত আছিল ।

সেয়ে তাৰ পৰাই তেওঁৰ দেহত কৰ’নাৰ সংক্ৰমন হোৱাৰ সন্দেহ কৰিছে স্বাস্থ্য বিভাগে । ইফালে, ইয়াৰ মাজতে সুস্থ হৈ উঠা ৩৬ জন কৰ’না আক্ৰান্ত লোকক মঙলবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে স্বাস্থ্য বিভাগে । ইয়াকে লৈ জিলাখনত সুস্থ হৈ উঠা কৰ’না ৰোগীৰ সংখ্যা ৫৯২ গৰাকীলৈ বৃদ্ধি পালে। ইয়াৰ বিপৰীতে, নগাঁও ভোগেশ্বৰী ফুকননী ক’ভিড হস্পিতালত বৰ্তমান ৯০ গৰাকী, কন্দলি আদৰ্শ চিকিৎসালয়ত ৩৯ গৰাকী, উজৰা গাঁও আদৰ্শ চিকিৎসালয়ত ৩০ গৰাকী, মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ১৪ গৰাকী আৰু চিমনাবস্তি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৪২ গৰাকী কৰ’নাত আক্রান্ত লোক বৰ্তমান চিকিৎসাধীন হৈ আছে।

আনহাতে, নগাঁও জিলা উপায়ুক্ত যাদৱ শ‌ইকীয়াই জাৰি কৰা এক নিৰ্দেশ যোগে নগাঁৱৰ পৰা গুৱাহাটীলৈ তথা গুৱাহাটীৰ পৰা নগাঁৱলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত বাধা আৰোপৰ নিৰ্দেশনা প্ৰদান কৰিছে ৷ লগতে গুৱাহাটী ভ্ৰমণ কৰি অহা সকলো ব্যক্তিয়েই ১৪ দিন হোম কোৱাৰেণ্টাইন থকাটো বাধ্যতামূলক হিচাপে ঘোষণা কৰিছে ৷ আচলতে গুৱাহাটী মহানগৰীত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সংখ্যা অভাৱনীয়ভাবে বৃদ্ধি পাই অহাত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহন কৰিছে বুলি জানিব পৰা গৈছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে