জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত ভকতগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নন্দেশ্বৰ মিলিক শনিবাৰে বিদ্যালয় প্ৰাংগনত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ছাবিনা ইয়াছমিনৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিক্ষক গৰাকীয়ে মধ্য ইংৰাজী বিদ্যালয়ত নতুনকৈ নিযুক্তি পোৱাৰ পৰিপ্ৰেক্ষিতত সম্বৰ্ধনা জনোৱা হয়। ভকতগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টংকেশ্বৰ শৰ্মাই আঁত ধৰা এই সভাখনত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক গৰাকীক ফুল আৰু গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰাৰ বিপৰীতে শিক্ষক গোট আৰু বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা শৰাই, সম্বৰ্ধনা পত্ৰ আৰু গামোচাৰে সন্মান প্ৰদৰ্শন কৰা হয়। সুদীৰ্ঘ ছয়টাকৈ বছৰ ভকতগাঁও প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে দক্ষতাৰে সেৱা আগবঢ়াই অঞ্চলটোত জনপ্ৰিয় হৈ পৰিছিল শিক্ষক নন্দেশ্বৰ মিলি। সেয়ে যোৰহাট জিলাৰ ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয়ত নতুনকৈ যোগদান কৰিবলগীয়া সহকাৰী শিক্ষক গৰাকীক স্থানীয় ৰাইজৰ উপস্থিতিত সম্বৰ্ধনা জনোৱা হয়। সভাৰ মাজতে আৱেগিক হৈ পৰা মাজুলীৰ শিক্ষক গৰাকীয়ে নগঞা ৰাইজৰ মৰম-আদৰ কেতিয়াও পাহৰিব নোৱাৰিম বুলি উল্লেখ কৰে। এই অনুষ্ঠানটিত ভকতগাঁও পঞ্চায়তৰ সভাপতি চাহাবুদ্দিন আহমেদ, শিক্ষক ইছমাইল হুছেইন, সুভাষ ডেকা, ইভাৰাণী দাস, ফাটেমা খাতুন, নৱজ্যোতি বৰা, ৰাজশ্ৰী চৌহান, চালমা ৰুকচানা আহমেদ আদি উপস্থিত থাকে।