বেবেজীয়াঃ নগাঁও জিলাত নিজকে চিআইডি বিষয়া বুলি পৰিচয় দিয়া প্ৰৱঞ্চকক আৰক্ষীয়ে অৱশেষত জালত পেলাবলৈ সক্ষম হৈছে৷ শনিবাৰে নিশা নগাঁও চহৰৰ বিষ্ণু পল্লীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ভুৱা চিআইডি বিষয়া ডিমৰুগুৰিৰ চিত্তৰঞ্জন বৰকাকতিক৷ ধৃত চিত্তৰঞ্জন বৰকাকতিয়ে চিআইডিৰ বিষয়াৰ পৰিচয় দি বেবেজীয়া অঞ্চলৰ দুজন লোকৰ পৰা দুখনকৈ বলেৰ’ গাড়ী চুক্তিত নি গোপনে বিক্ৰী কৰি দিছিল৷
প্ৰায় আঠ মাহ পূৰ্বে নগাঁৱৰ বেবেজীয়া নিবাসী ৰাজীৱ দাস আৰু অভিজিৎ বৰদলৈ নামৰ লোক দুজনৰ পৰা নিজকে চিআইডিৰ বিষয়া বুলি পৰিচয় দি তেওঁলোকৰ বলেৰ’ দুখন বিভাগীয় কামত ব্যৱহাৰৰ বাবে চুক্তি ভিত্তিত ভাড়ালৈ বুলি লৈছিল৷ পিছে গাড়ী দুখন লৈ যোৱাৰ আঠ মাহ উকলি যোৱাৰ পিছতো গাড়ীৰগৰাকীক চুক্তি অনুসৰি মাহেকীয়া ভাড়াৰ নামত এটকাও আদায় নিদিয়াত চিত্তৰঞ্জন বৰকাকতিক ম’বাইল ফোনৰ জৰিয়তে যোগাযোগৰ অহৰহ চেষ্টা চলাই যদিও ফোন ৰিচিভ কৰা নাছিল৷
দুয়োজন ঘটনা সন্দৰ্ভত বেবেজীয়া আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি তদন্তত নামি পৰে৷ এনেদৰে তদন্ত অব্যাহত ৰখাৰ সময়তে এক গোপন সূত্ৰৰ পম খেদি শনিবাৰে নিশা আৰক্ষীয়ে চহৰখনৰ বিষ্ণু পল্লীত অভিযান চলাই প্ৰৱঞ্চক চিত্তৰঞ্জন বৰকাকতিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত চিত্তৰঞ্জন বৰকাকতিৰ স্বীকাৰোক্তিৰ ভিত্তিত ইতিমধ্যে গোপনে বিক্ৰী কৰা বলেৰ’ গাড়ী দুখনৰ ভিতৰৰ এ এছ-০১-এম এ ৩৭২৪ নম্বৰৰ বলেৰ’খন সোণাপুৰ আৰক্ষী থানা চৌহদত উদ্ধাৰ হয়৷
এইখন বলেৰ’ এমাহ পূৰ্বে সোণাপুৰত এক পথ দুৰ্ঘটনাত পতিত হোৱাৰ পিছৰে পৰাই আৰক্ষীৰ জিম্মাত থানা চৌহদতে আছিল। ইয়াৰ বিপৰীতে আনখন বলেৰ’ নাগালেণ্ড-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলৰ এজন লোকক বিক্ৰী কৰা বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে। সম্প্ৰতি ঘটনা সন্দৰ্ভত নগাঁও সদৰ থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ৪০৬/৪২০ নং ধাৰাত ২২১০/২০ নম্বৰত এক গোচৰ ৰুজু কৰিছে নগাঁও আৰক্ষীয়ে৷