জয়ন্ত মুদৈ, বেবেজীয়াঃ দেশৰ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আন্তঃৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা সংস্থা, ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠান, সৃৰ্য্য ফাউণ্ডেচনৰ সৌজন্যত তথা নেচনেল এডুকেশ্বনেল চেৰিটেবুল ট্ৰাষ্ট, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সক্ৰিয় সহযোগত অসম যোগ সংস্থা, নগাঁও জিলা যোগ সংস্থা, ৰাজ্যিক যোগ কেন্দ্ৰ “নিৰ্বাণ”ৰ দ্বাৰা সোমবাৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাজ্যিক ভিত্তিত প্ৰাকৃতিক চিকিৎসাৰ এক দিনযোৰা কৰ্মশালা সফলতাৰে অনুষ্ঠিত হয়। কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, শোণিতপুৰ, মৰিগাঁও আৰু নগাঁও জিলাৰ ডেৰ শতাধিক অধিক লোকে ভাগ লোৱা ব্যতিক্ৰমধৰ্মী এই কৰ্মশালাখনি পুৱা বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে মুখ্য অতিথি আগষ্টিন ক্ৰামচাই। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী তথা মূৰব্বী ড০ নিৰঞ্জন ডেকাই আদৰণি ভাষণ আগবঢ়োৱা শুভাৰম্ভণি অনুষ্ঠানত অসম যোগ সংস্থাৰ সভাপতি তপন কুমাৰ দাসে বক্তব্য ৰাখে। অসম যোগ সংস্থাৰ অধ্যক্ষ তথা জেষ্ঠ চিকিৎসক ডা০ কৃষ্ণ কুমাৰ বৰাই সমল ব্যক্তিৰূপে সাম্প্ৰতিক সময়ত প্ৰাকৃতিক চিকিৎসাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিস্তাৰিতভাৱে আলোকপাত কৰা কৰ্মশালাত মহকুমা চিকিৎসা বিষয়া ডা০ মনোজ কুমাৰ শইকীয়া, ডাঃ দীপিকা নাথ, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক শৰৎ হাজৰিকা, সহকাৰী অধ্যাপক ৰঞ্জিত বৰুৱা, সহযোগী অধ্যাপিকা ড০ অমিয়া পাটৰ, ড০ জোণালী মুদৈ, কল্পনা ভট্টাচাৰ্য, সঞ্চিতা বৰা আদিয়েও মত-বিনিময় কৰে। অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক প্ৰভাত চন্দ্ৰ বৰাৰ পৰিচালনাত অনুষ্ঠিত কৰ্মশালাৰ অন্তত সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক সমল ব্যক্তিসকলৰ উপৰি ৰাষ্ট্ৰীয় ৰোগমুক্ত অভিযানৰ ৰাজ্যিক আহ্বায়ক সজল বিশ্বাস,অসম যোগ সংস্থাৰ বিষয়ববীয়া মঞ্জুলা লস্কৰ, সমীৰ হাজৰিকা, অসম যোগ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ কুমুদ নাথ, প্ৰবীণ শিক্ষাবিদ নবীন চন্দ্ৰ বৰা, অৱসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষয়িত্ৰী লিলি সন্দিকৈ, বিজু শইকীয়া, জেষ্ঠ সাংবাদিক ৰবীন্দ্ৰ শ্বাহ, সমাজ সংগঠক বিক্ৰমজিত দে’, বিচিত্ৰৰঞ্জন বড়া, ৰাহুল শৰ্মা, সুদীপ্তা বৰা আদিয়ে মানপত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ৰাষ্ট্ৰীয় যোগ খেলুৱৈ বিচিত্ৰা ভূঞা, লিলি সন্দিকৈ আৰু তুলিকা শইকীয়াই যোগাসনো প্ৰদৰ্শন কৰে।